Elephant Terror in Jorabat : বন কৰ্তৃপক্ষৰ গা-এৰা মনোভাৱত উদ্বিগ্ন আমচিং যোৰাবাটবাসী
নিউজ ডেস্ক, ১৯মাৰ্চ : বনৰীয়া হাতীৰ আতংকই টোপনি হৰিছে জনাঞ্চলত । বন কৰ্তৃপক্ষৰ গা-এৰা মনোভাৱত উদ্বিগ্ন আমচিং যোৰাবাটবাসী ।
অমিচিং যোৰাবাটত পুনৰ বন্যহস্তীৰ সন্ত্ৰাস। হাতীৰ উপদ্ৰৱত চৰম আতংকিত স্থানীয় ৰাইজ। খাদ্যৰ সন্ধানত আমিচিঙ অভয়াৰণ্যৰ পৰা অহা বন্যহস্তীয়ে একাধিক ব্যৱসায়ী প্ৰতিষ্ঠান আৰু বাসগৃহ লণ্ডভণ্ড কৰাৰ পাছতো বন কৰ্তৃপক্ষৰ পৰা আশানুৰূপ সহাৰি নোপোৱাৰ অভিযোগ ৰাইজৰ। হাতীটোক খেদিবলৈ স্থানীয় ৰাইজে জুই জ্বলাই, ফটকা ফুটাই অহৰহ চেষ্টাত নামি পৰে(Elephant Terror in Jorabat)।
স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াৰ পাছতো বিভাগীয় লোক উপস্থিত নোহোৱাৰ অভিযোগ। অৱশেষত কেইবাঘণ্টাৰ অন্তত হাতীটোক খেদি পঠিয়াবলৈ সক্ষম হয় যদিও বন্যহস্তীৰ আতংকৰ পৰা মুক্ত হ’ব পৰা নাই স্থানীয় বাসিন্দা আৰু ব্যৱসায়ী সকল(Elephant Terror in Jorabat)।
উল্লেখ যে সোমবাৰৰ দিনাও একে স্থানতে হাতীয়ে উপদ্ৰব চলাই পাঁচ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি লণ্ডভণ্ড কৰিছিল।
লগতে পঢ়ক : Elephant menace in Hojai : হোজাইত বন্যহস্তীৰ আতংক;বন্যহস্তীৰ আক্ৰমণ আহত মহিলা