Massive Fire Breaks Out at Kharupetia : বিধ্বংসী অগ্নিকাণ্ড; অগ্নিকাণ্ডত ভস্মীভূত মন্দিৰৰ বহু মূল্যবান সা-সামগ্ৰী
দলগাঁও, ১৯মাৰ্চ : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত মন্দিৰৰ বহু মূল্যবান সা-সামগ্ৰী ।
খাৰুপেটীয়াত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । মঙলবাৰে সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ।
জানিব পৰা মতে, নেতাজী নগৰৰ কালী মন্দিৰত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো(Massive Fire Breaks Out at Kharupetia) ।
উল্লেখ্য য়ে, অখিল সাহা নামৰ লোকজনৰ ঘৰৰ চৌহদত থকা মন্দিৰত চলি আছিল শিতলা পূজা । পূজাৰ মাজতে সংঘটিত হয় অগ্নিকাণ্ড আৰু নিমিষতে জ্বলি ছাই হয় মন্দিৰৰ বহু মূল্যবান সা-সামগ্ৰী ।
এই ঘটনা সংঘটিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়।
গেছ ছিলিণ্ডাৰৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে(Massive Fire Breaks Out at Kharupetia) ।
স্থানীয় ৰাইজৰ মতে গেছ চিলিণ্ডাৰ যোগানকাৰীৰ গাফিলতিৰ বাবেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হয় ।
লগতে পঢ়ক : Massive Fire Breaks Out at Chabua : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত লক্ষাধিক টকাৰ সা- সম্পত্তি