Local, Vocal, Global

Renowned Painter Samiran Pathak Dies In Road Accident : ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত চিত্ৰশিল্পী সমীৰণ পাঠক

নিউজ ডেস্ক, ১৯ মাৰ্চ : ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত চিত্ৰশিল্পী সমীৰণ পাঠক(Renowned Painter Samiran Pathak Dies In Road Accident)।

সোমবাৰে সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা । সোমবাৰে নিশা টিহুৰ হাৰিভাংগা পথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো।

জানিব পৰা মতে,সোমবাৰে নিশা পথৰ দাঁতিৰ গছত খুন্দা মাৰে চিত্ৰশিল্পী সমীৰণ পাঠকৰ বাহনে ফলত থিতাতে নিহত হয় চিত্ৰশিল্পী গৰাকী।

জানিব পৰা মতে, AS-01-FF-9154 নম্বৰৰ মাৰুতি ইগনিছ বাহনখনত গৈ আছিল চিত্ৰশিল্পী সমীৰণ পাঠক। সেই সময়তে সংঘটিত হয় দুৰ্ঘটনা( Renowned Painter Samiran Pathak Dies In Road Accident In Tihu)।

উল্লেখ্য যে, সমীৰণ পাঠক টিহুৰ নান্নাট্ৰাৰী নিবাসী তথা ৰাজ্যৰ এগৰাকী পৰিচিত চিত্ৰশিল্পী আছিল। চিত্ৰশিল্পী সমীৰণ পাঠকৰ বিয়োগত অঞ্চলজুৰি এক শোকাকুল পৰিৱেশে বিৰাজ কৰে।

লগতে পঢ়ক : Tragic Road Accident : বাঁহভৰ্তি ট্ৰাক আৰু বলেৰ’ পিকআপৰ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ