Local, Vocal, Global

Tragic Road Accident in Goalpara : এক মৰ্মান্তিক দুৰ্ঘটনা; দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

নিউজ ডেস্ক, ১৯মাৰ্চ : এক মৰ্মান্তিক দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী ।

গোৱালপাৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ নিকটৱৰ্তী জিৰাত সোমবাৰে মাজনিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়(Tragic Road Accident in Goalpara) ৷

জানিব পৰা মতে, এখন পালচাৰ বাইকে মেঘালয়ৰ মেন্দিপথাৰ দিশৰ পৰা কৃষ্ণাই অভিমুখে আহি থকা সময়তে জিৰাত অচিনাক্ত বাহনৰ সৈতে সংঘৰ্ষ হয় ৷ ফলত দুৰ্ঘটনাত পতিত হোৱাৰ লগে লগে যুৱকজন বাইক সহ পথৰ ওপৰতে চিটিকি পৰে আৰু থিতাতে নিহত হয় বাইক আৰোহীজন ৷ নিহত বাইক আৰোহী যুৱকজন কৃষ্ণাই ভেল্টাঘাটৰ আবিদুৰ ৰহমান (২৫) বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, দুৰ্ঘটনাত নিহত যুৱকজন নিজ As-18K-5734 নম্বৰৰ পালচাৰ বাইকেৰে মেঘালয়ৰ মেন্দিপথাৰ দিশৰ পৰা কৃষ্ণাই অভিমুখে আহি আছিল(Tragic Road Accident) ৷

আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ণ কৰে বাহনখন ৷ এই ভয়ংকৰ ঘটনা সংঘটিত হোৱা পিছতে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা লৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : Massive Fire Breaks Out at Chabua : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত লক্ষাধিক টকাৰ সা- সম্পত্তি