Local, Vocal, Global

Russian President Putin Returns To Power : পুনৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ভ্লাদিমীৰ পুটিন

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৮ মাৰ্চ : পুনৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল ভ্লাদিমিৰ পুটিন। পুনৰ ৰাছিয়াৰ শাসন আহিল ভ্লাডিমিৰ পুটিনৰ হাতলৈ(Russian President Putin Returns To Power) ।

কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ তথ্যৰ উদ্ধৃতি দি ৰাছিয়াস্থিত সংবাদ প্ৰতিষ্ঠান টাছে জনোৱা অনুসৰি, ৭০ শতাংশ নিৰ্বাচনী প্ৰটোকল প্ৰক্ৰিয়াৰ ফলাফলৰ ওপৰত ভিত্তি কৰি ৮৭.১৭ শতাংশ ভোট লাভেৰে ভ্লাডিমিৰ পুটিনে ৰাষ্ট্ৰপতি হিচাপে বিজয় সাব্যস্ত কৰে।

আনহাতে,নিৰ্বাচনত পুনটিৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৰাছিয়ান ফেডাৰেচন কমিউনিষ্টৰ প্ৰাৰ্থী নিকোলাই খাৰিনটোভে। ৰাছিয়ান ফেডাৰেচনৰ কমিউনিষ্ট পাৰ্টীৰ প্ৰাৰ্থী নিকোলাই খাৰিটোনভে ৪.৮ শতাংশ ভোট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে । ইয়াৰ বিপৰীতে নিউ পিপ’ল পাৰ্টিীৰ প্ৰাৰ্থী ভ্লাডিশ্লাভ ডাভানকভে ৪.১ শতাংশ ভোটেৰে তৃতীয় স্থানত আছে । লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিী অব ৰাছিয়াৰ (এলডিপিআৰ) প্ৰাৰ্থী লিঅ’নিড স্লুটস্কিয়ে গণনা কৰা ভোটৰ মাত্ৰ ৩.১৫ শতাংশহে লাভ কৰে(Putin returns as President with 87.17 pc votes, sets priorities for new term) ।

দেওবাৰে সন্ধিয়া ৬ বজালৈকে (মস্কোৰ সময় অনুসৰি) প্ৰাপ্ত প্ৰাথমিক তথ্য অনুসৰি, ১৫-১৭ মাৰ্চৰ পৰা তিনি দিনৰ ভিতৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৪.২২ শতাংশ ।

উল্লেখ্য যে ৰাছিয়াত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এইবাৰ প্ৰথমবাৰৰ বাবে ৰিম’ট ইলেক্ট্ৰ’নিক ভোটিং ব্যৱহাৰ কৰা হৈছিল । আৱাসীসকলে ২৮ টা অঞ্চলত ফেডাৰেল প্লেটফৰ্ম ব্যৱহাৰ কৰে । আনহাতে, মস্কোৰ মানুহে তেওঁলোকৰ নিজৰ প্লেটফৰ্মত ভোট দিয়ে ।

ফেডাৰেল প্লেটফৰ্মত অনলাইন ভোটদানত চূড়ান্ত ভোটদানৰ হাৰ আছিল 94 শতাংশ । অৰ্থাৎ 4.4 নিযুত লোকে অনলাইনত ভোটদান কৰে । আনহাতে, মস্কোত প্ৰায় 3.7 নিযুত ইলেক্ট্ৰ’নিক বেলট জাৰি কৰা হৈছিল । ইয়াৰে ভিতৰত ভোটাৰসকলে ভোটকেন্দ্ৰত বিশেষ টাৰ্মিনেল ব্যৱহাৰ কৰে ।

ফেডাৰেল প্লেটফৰ্মত ৰিম’ট ইলেক্ট্ৰ’নিক ভোটদানৰ ফলাফল অনুসৰি, পুটিনে ৮৭.৪১ শতাংশ ভোট লাভ কৰি প্ৰথম স্থান লাভ কৰে আৰু ডাভানকভে ৬.২৮ টা ভোট লাভ কৰি দ্বিতীয় স্থানত আছে । স্লুটস্কিয়ে ৩.৭৫ শতাংশ আৰু খাৰিটোনভে গণনা কৰা ভোটৰ মাত্ৰ ২.৫৬ শতাংশহে লাভ কৰে ।

পুটিনে মস্কোত ৮৯.১ শতাংশ ভোট লাভ কৰি জয়লাভ কৰে আৰু তাৰ পিচত ৪.৪ শতাংশৰ সৈতে ডাভানকভ দ্বিতীয় স্থানত থাকে । খাৰিটোনভ আৰু স্লুটস্কি ক্ৰমান্বয়ে ৩.৩ শতাংশ আৰু ৩.২ শতাংশ ভোটৰ সৈতে তৃতীয় আৰু চতুৰ্থ স্থানত লাভ কৰে ।পুটিনে ডনবাছ আৰু নভোৰোচিয়াত বৃহৎ ব্যৱধানত সুন্দৰ জয়লাভ কৰে । তেওঁ ইউক্ৰেইনৰ খেৰচন, লুহানস্ক, জাপোৰিজজিয়া আৰু ডনেটস্কৰ দৰে অঞ্চলতো জয়লাভ কৰে । টাছৰ প্ৰতিবেদনত এই কথা প্ৰকাশ ।

১০০ শতাংশ প্ৰটোকল প্ৰক্ৰিয়াকৰণৰ ফলাফলৰ ওপৰত ভিত্তি কৰি পুটিনে খেৰচন অঞ্চলত ৮৮.১২ শতাংশ, জাপোৰিজজিয়াত ৮৮.১২ শতাংশ, লুহানস্ক পিপ’লছ ৰিপাব্লিকত ৯৪.১২ শতাংশ আৰু ডনেটস্ক পিপ’লছ ৰিপাব্লিকত ৯৫.২৩ শতাংশ ভোট লাভ কৰে । ইফালে পুটিনে তেওঁৰ নিৰ্বাচনী মুখ্য কাৰ্যালয়ত উপস্থিত হৈ তেওঁৰ কৰ্মচাৰীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে আৰু এই কথাত জোৰ দিয়ে যে ৰাছিয়া ‘আৰু অধিক শক্তিশালী আৰু অধিক কাৰ্যকৰী’ হ’ব লাগিব । তেওঁ ইউক্ৰেইনৰ বিৰুদ্ধে চলি থকা সামৰিক অভিযানত জড়িত থকাৰ পৰিস্থিতি স্বীকাৰ কৰিও ভোট দিয়াৰ বাবে ৰাছিয়াৰ জনসাধাৰণকো ধন্যবাদ জনায় ।

লগতে পঢ়ক : Bodies Of Two Missing Brothers Found In Kopili River : কপিলী নৈত নিখোজ হোৱা দুই ভাতৃৰ মৃতদেহ উদ্ধাৰ