Local, Vocal, Global

Bodies Of Two Missing Brothers Found In Kopili River : কপিলী নৈত নিখোজ হোৱা দুই ভাতৃৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ১৮ মাৰ্চ : কপিলী নৈত নিখোজ হোৱা দুই ভাতৃৰ মৃতদেহ উদ্ধাৰ । মৃতদেহ উদ্ধাৰক লৈ শোঁকৰ ছাঁ অঞ্চলজুৰি(Bodies Of Two Missing Brothers Found In Kopili River) ।

উল্লেখ্য যে,দেওবাৰে কামপুৰৰ কপিলী নদীত সংঘটিত হৈছিল এক অঘটন। দেওবাৰে দুই কিশোৰে কপিলী নদীত গা ধুবলৈ গৈ নিখোজ হৈছিল । নিৰুদ্দিষ্ট কিশোৰ দুজনৰ ঘৰ কামপুৰৰ চৰাইহাগীতৰ গাঁৱৰ দীগেন বৰুৱা আৰু জিতি বৰুৱাৰ দুই পুত্ৰ মানস বৰুৱা আৰু অমৰ জ্যোতি বৰুৱা(Bodies Of Two Missing Brothers Found In Kopili River) ।

এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উদ্ধাৰকাৰী দলে স্থানীয় লোকৰ সহযোগত উদ্ধাৰ অভিযনা চলাইছিল । প্ৰায় ২৪ ঘণ্টা ধৰি স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰকাৰী দলে কপিলীৰ বুকুত উদ্ধাৰ অভিযান চলাই পোৱা নাছিল দুই ভাতৃৰ সন্ধান।

তাৰ পিছতে সোমবাৰে দিনৰ প্ৰায় ১২ বজাত কামপুৰ আৰক্ষীৰ উপস্থিতিত এচ ডি আৰ এফৰ দলে ৰাইজৰ সহায়ত অমৰজ্যোতি বৰুৱাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পিছত প্ৰায় ৩-০০ বজাত মানস বৰুৱাৰ মৃতদেহ উদ্ধাৰ কৰে। দুই ভাতৃৰ মৃত্যুৰ খবৰে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোত শোঁকৰ ছাঁ পেলাইছে।

লগতে পঢ়ক : Teen missing while bathing in Kopili River : কপিলী নদীত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ