Local, Vocal, Global

Under-construction building collapses : খহি পৰিল ৫মহলীয়া নিৰ্মীয়মাণ অট্টালিকা;নিহত ৫জন, আহত ১৪জন

নেশ্যনেল ডেস্ক, ১৮ মাৰ্চ : এক ভয়ংকৰ ঘটনা । খহি পৰিল নিৰ্মীয়মাণ ৫মহলীয়া অট্টালিকা । নিহত ৫জন, আহত ১৪জন(Under-construction building collapses) ।

কলকাতাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । দেওবাৰে নিশা সংঘটিত হৈছে ভয়ংকৰ ঘটনাটো। কলকাতাৰ এটা ব্যস্তপূৰ্ণ এলেকাত নিৰ্মীয়মাণ ৫মহলীয়া অট্টালিকা খহি পৰে ।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি , ভৱনটো খহি পৰাৰ পূৰ্বে কংক্ৰিটৰ টুকুৰাবোৰ পৰিছিল । তাৰ পিচত এটা ডাঙৰ শব্দ কৰি অট্টালিকাটো খহি পৰে লগে লগে ধূলিৰ ডাঠ আৱৰণে অঞ্চলটো আগুৰি ধৰে । তেওঁলোকে কয় যে ধ্বংসাৱশেষটো ঘন বসতিপূৰ্ণ এলেকাত পৰে ।”যদিও নিৰ্মাণৰত অট্টালিকাটোত কোনেও বাস কৰা নাছিল, কিন্তু ই ওচৰৰ জুপুৰীবোৰৰ ওপৰত খহি পৰে । আমি আশংকা কৰিছোঁ যে বহু ব্যক্তি এতিয়াও ধ্বংসস্তূপৰ তলত আবদ্ধ হৈ থাকিব পাৰে ।”

আনহাতে এই ঘটনা সন্দৰ্ভত মহানগৰৰ মেয়ৰ ফিৰহাদ হাকিমে কয় যে কিছু লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থাকিব পাৰে । সেয়ে তেওঁলোকক উদ্ধাৰৰ বাবে এক অনুসন্ধান অভিযান চলাই আছে । পাঁচ মহলীয়া অট্টালিকাটো মাজনিশা গাৰ্ডেন ৰিচ্চ অঞ্চলৰ হাজাৰী মোল্লা বাগানত খহি পৰে(5 Dead As Five-storey Under-construction Building Collapses in Kolkata, 14 Rescued) ।

ইফালে কলকাতাৰ আৰক্ষী আয়ুক্ত বিনীত গোৱেলে ঘটনাস্থলী পৰিদৰ্শন কৰি উদ্ধাৰ অভিযানৰ বুজ লয় । লগতে আৰক্ষীয়ে গৰাকীয়ে কয় যে,”দেওবাৰে নিশা গাৰ্ডেন ৰিচ্চ অঞ্চলত এটা নিৰ্মাণাৰত অট্টালিকা খহি পৰে । আমি কেইজনমান লোকক উদ্ধাৰ কৰিছোঁ । উদ্ধাৰ অভিযান বৰ্তমানেও অব্য়াহত আছে(Under-construction building collapses in Kolkata) ।”

লগতে পঢ়ক : Nagaon APDCL Employee Caught Red-Handed Accepting Bribe : নিজৰ চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ