Local, Vocal, Global

Nagaon APDCL Employee Caught Red-Handed Accepting Bribe : নিজৰ চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ

নগাঁও,১৮ মাৰ্চ : ৰাজ্যত প্ৰতিদিনে উৎকোচ হাতে দাঙে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে । হাত দঙাৰ প্ৰতিযোগিতা চলিছে যেন ৰাজ্যত । নিজৰ চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ । নিতৌ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিও একাংশ লোভীয়া কৰ্মচাৰীয়ে লোভ এৰিব পৰা নাই ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি দুৰ্নীতিমুক্ত অসম গঢ়াৰ যি প্ৰচেষ্টা, সেয়া যেন সপোন হৈয়ে ৰ’ব ৷ ৰাজ্যত নিতৌ গ্ৰেপ্তাৰ হৈ আছে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী।

এইবাৰ দুৰ্নীতি নিবাৰণ শাখাৰ জালত পৰিল APDCLৰ কৰ্মচাৰী। নগাঁৱত দুৰ্নীতি নিবাৰকৰ জালত পৰিল APDCLৰ কৰ্মচাৰী( Nagaon APDCL Employee Caught Red-Handed Accepting Bribe) ।

নগাঁৱত দুৰ্নীতি নিবাৰকৰ জালত APDCLৰ কৰ্মচাৰী নন্দ হাজৰিকা। নিজ বাসগৃহত উৎকোচ লওঁতেই গ্ৰেপ্তাৰ হাজৰিকা।

জানিব পৰা মতে, নগাঁৱৰ 2 নং সংমণ্ডলত ছুইটছ ব’ৰ্ড অপাৰেটৰ হিচাপে কৰ্মৰত হৈ আছে হাজৰিকা । উৎকোচ বিচৰাৰ অভিযোগ লাভ কৰাৰ পিছতেই দুৰ্নীতি নিবাৰক আৰু তদাৰক শাখাৰ দলে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ কৰ্মচাৰীজনক( Nagaon APDCL Employee Caught Red-Handed Accepting Bribe) ।

লগতে পঢ়ক : Prices of 800 essential Medicines to be increased from April 1 : শীঘ্ৰেই বৃদ্ধি পাব অত্যাৱশ্যকীয় ৮০০ বিধ ঔষধৰ মূল্য;১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব ঔষধৰ নতুন দাম