Local, Vocal, Global

Tragic Road Accident : নিয়ন্ত্ৰণ হেৰুৱাই ৩খন বাহনৰ মাজত সংঘৰ্ষ

কলিয়াবৰ, ১৮ মাৰ্চ : ভয়ংকৰ পথ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই ৩খন বাহনৰ মাজত সংঘৰ্ষ(Tragic Road Accident) ।

কলিয়াবৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দেওবাৰে নিশা কলিয়াবৰ তিনিআলিত ৩খন বাহনৰ মাজত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় ।

জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আবদ্ধ হৈ পৰে এজন ট্ৰাক চালক। কেইবাঘণ্টা ধৰি চলোৱা অভিযানৰ পিছত উদ্ধাৰ হয় চালকজন।

দুৰ্ঘটনাগ্ৰস্ত বাহনকেইখনৰ নম্বৰ ক্ৰমে-NL-07-AA 0878, AS-01-DD-0759 মালবাহী ট্ৰাক আৰু AS-01-RC-4023 নম্বৰৰ মালবাহী বলেৰ’ মেক্স। নিশা প্ৰায় ৩ ঘণ্টা ধৰি ব্যাহত হৈ পৰে উজনি- নামনিৰ যাতায়ত। এই দুৰ্ঘটনাত এজন লোক গুৰুতৰভাৱে আহত হয়(Tragic Road Accident in Kaliabor)।

লগতে পঢ়ক : Teen missing while bathing in Kopili River : কপিলী নদীত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ