Local, Vocal, Global

Drugs Peddler Arrested : কৰিমগঞ্জৰ চুৰাইবাড়ীত প্ৰায় চাৰে ছয় কোটি টকাৰ ড্ৰাগছ জব্দ

কৰিমগঞ্জ, ১৭ মাৰ্চ : পুনৰ ৰাজ্যত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ । ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই । ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা (Drugs Peddler Arrested ) ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam police raid against drugs)। ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে অসম আৰক্ষীয়ে । অৱশ্যে ইয়াৰ মাজতে ড্ৰাগছ ব্যৱসায়ীয়ে নিতৌ সলনি কৰিছে কৌশল । কিন্তু কৌশল সলালেও আৰক্ষীৰ হাতৰ পৰা সাৰি যোৱা নাই ড্ৰাগছ সৰবৰাহকাৰী।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ কৰিমগঞ্জত অব্য়াহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ।

শনিবাৰে নিশা কৰিমগঞ্জ আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই। অভিযানত ত্ৰিপুৰা ৰাজ্যত সৰবৰাহৰ সময় জব্দ কৰে প্ৰায় ছয় কোটি মূল্যৰ কফ ছিৰাপ।

জানিব পৰা মতে, শনিবাৰে নিশা চুৰাইবাড়ি থানাৰ আৰক্ষীয়ে PB 13 BD 5534 নম্বৰৰ এখন ১৪ চকীয়া বাহনত তালাচি চলায়। তালাচিত বাহনখনৰ পৰা ৬৪,৩২০ বটল নিচাজাতীয় কফ চৰাপ জব্দ কৰে। যাৰ বজাৰ মূল্য আনুমানিক ছয় কোটি টকা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে এই সৰবৰাহৰ লগত জড়িত দুজন লোকক আটক কৰে । আটকাধীন লোক দুজন ৰবি শৰ্মা আৰু সুশীল শুক্লবৈদ্য বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : Elephant menace in Hojai : হোজাইত বন্যহস্তীৰ আতংক;বন্যহস্তীৰ আক্ৰমণ আহত মহিলা