Local, Vocal, Global

Elephant menace in Hojai : হোজাইত বন্যহস্তীৰ আতংক;বন্যহস্তীৰ আক্ৰমণ আহত মহিলা

নিউজ ডেস্ক, ১৭ মাৰ্চ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Hojai )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়( wild elephant attack in hojai)।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

হোজাইত বন্যহস্তীৰ আতংক। দেওবাৰে হোজাইত বন্যহস্তীৰ আক্ৰমণ মহিলাক । হোজাইৰ জাঠিহুৰা গাঁৱত সংঘটিত এই ঘটনা।

বন্যহস্তীৰ আক্রমণত গুৰুতৰভাৱে আহত মহিলা গৰাকী । গুৰুতৰভাৱে আহত মহিলাগৰাকীৰ নাম ডিমুলি কেম্প্রাই । বৰ্তমান চিকিৎসালয়লৈ প্রেৰণ কৰা হয় আহত মহিলাগৰাকীক।

লগতে পঢ়ক : Man Shot on Head, Stabbed by Unidentified Miscreants at Restaurant : হোটেল দুই ফৈদৰ মাজত সংঘৰ্ষ ; এজনক গুলীয়াই হত্যা