Local, Vocal, Global

Man Shot on Head, Stabbed by Unidentified Miscreants at Restaurant : হোটেল দুই ফৈদৰ মাজত সংঘৰ্ষ ; এজনক গুলীয়াই হত্যা

নেশ্যনেল ডেস্ক, ১৭ মাৰ্চ : দুই ফৈদৰ মাজত সংঘৰ্ষ । সংঘৰ্ষত গুলীয়াই হত্যা কৰিলে এজনক । মহাৰাষ্ট্ৰৰ পুনেৰ ইন্দাপুৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো(Man Shot on Head, Stabbed by Unidentified Miscreants at Restaurant) ।

জানিব পৰা মতে, বন্ধুবৰ্গৰ সৈতে ইন্দাপুৰৰ হোটেলখনত দুপৰীয়াৰ আহাৰৰ বাবে গৈছিল এটা দলে । কিন্তু তাৰ আগৰে পৰা উপস্থিত আছিল আন এটা দল। তাৰ পিছতে দুয়োটা দলৰ মাজত সংঘৰ্ষ হৈছিল( Man shot on head, attacked with knife at Pune eatery) ।

সংঘৰ্ষ ইমানে ভয়ংকৰ আছিল যে, ৫-৬ জনীয়া এটা দলে কাজিয়াত গুলীচালনা কৰে আৰু গুলীচালনাত অবিনাশ ধনৱে নামৰ যুৱকজনৰ মৃত্যু হয়। আৰক্ষীয়ে জনোৱা মতে মৃত অবিনাশ ধনৱেয়ে তেওঁৰ বন্ধুবৰ্গৰ সৈতে ইন্দাপুৰৰ হোটেলখনত দুপৰীয়াৰ আহাৰৰ বাবে গৈছিল ।

প্ৰাপ্ত খবৰ অনুসৰি বন্ধুবৰ্গৰ সৈতে ইন্দাপুৰৰ হোটেলখনত দুপৰীয়াৰ আহাৰৰ বাবে অহা অবিনাশ ধনৱেক অনুসৰণ কৰি আছিল দলটোৱে আৰু ৫-৬ জনীয়া দলটোৱে হঠাতে তেওঁক আক্ৰমণ কৰে । আক্ৰমণকাৰীসকলে তেওঁক লক্ষ্য কৰি গুলীচালনা কৰে । আনকি তেওঁলোকে তেওঁক চোকা অস্ত্ৰৰে আক্ৰমণো কৰে । এই আক্ৰমণৰ ফলত ঘটনাস্থলীতে অবিনাশৰ মৃত্যু হয় । মৃত অবিনাশ ঘৰ পুনেৰ আলান্দি অঞ্চলত বুলি জানিব পৰা গৈছে(Man Shot on Head, Stabbed by Unidentified Miscreants at Restaurant in Pune) ।

আৰক্ষীয়ে জনোৱা অনুসৰি ঘটনাটো সংঘটিত হোৱাৰ পিচতে প্ৰত্যক্ষদৰ্শী আৰু স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভথ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু অনুসন্ধান আৰম্ভ কৰে ।

আৰক্ষীয়ে ঘটনাস্থনীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

অৱশ্যে বৰ্তমানলৈ জানিব পৰা হোৱা নাই অবিনাশক আক্ৰমণ কৰাৰ আঁৰৰ ৰহস্য । এই ঘটনাৰ পিচত আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ সংগ্ৰহ কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : Assam Police Officer Accused of Sexual Abuse on Minor Domestic Help : আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ বিৰুদ্ধে কিশোৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ