Local, Vocal, Global

Assam Police Officer Accused of Sexual Abuse on Minor Domestic Help : আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ বিৰুদ্ধে কিশোৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ

নিউজ ডেস্ক, ১৭ মাৰ্চ : এইবাৰ উচ্চপদস্থ আৰক্ষী বিষয়াৰ ওপৰত উঠিছে বনকৰা কিশোৰীক শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ।

দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত কৰ্মৰত হৈ থকা কিৰণ নাথ নামৰ উচ্চপদস্থ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ।

শনিবাৰে নিশা পোন্ধৰ বছৰীয়া কিশোৰীগৰাকীক শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি আৰক্ষী থানা চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে পৰিয়ালৰ লোকৰ লগতে দল-সংগঠনৰ নেতৃত্বই(Assam Police Officer Accused of Sexual Abuse on Minor Domestic Help) ।

কিশোৰীগৰাকীৰ পৰিয়ালে জনোৱা মতে কিশোৰীগৰাকী সৰুৰে পৰা আৰক্ষী বিষয়া কিৰণ নাথৰ গৃহত বনকৰা ছোৱালী হিচাপে কৰ্মৰত আছিল । বহুদিন ধৰি আৰক্ষী বিষয়া কিৰণ নাথে কিশোৰীগৰাকীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ উপৰিও যৌন আতিশয্য চলাই আহিছিল বুলি গুৰুতৰ অভিযোগ তোলে ভুক্তভোগী পৰিয়ালটোৱে ।

আনকি শুকুৰবাৰে সন্ধিয়া সময়ত বনকৰা কিশোৰীগৰাকীৰ ঘৰলৈ গৈ আৰক্ষী বিষয়া কিৰণ নাথে বিভিন্ন ভাবুকি প্ৰদান কৰে বুলি কিশোৰীগৰাকীৰ পৰিয়ালে জনায় ৷ পৰিয়ালৰ লোকে দেৰগাওঁ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত অৱগত কৰিবলৈ অহাৰ সময়তে অভিযুক্ত কিৰণ নাথৰ পত্নীয়ে থানা চৌহদত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে বুলি ভুক্তভোগী পৰিয়ালটোৱে জনায় ৷

পৰিয়ালৰ লোকে ইতিমধ্যে দেৰগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Rhino Carcass Recovered in Kaziranga National Park : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ গঁড়ৰ মৃতদেহ