Local, Vocal, Global

Rhino Carcass Recovered in Kaziranga National Park : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ গঁড়ৰ মৃতদেহ

নিউজ ডেস্ক, ১৭ মাৰ্চ : পুনৰ ৰাজ্যত উদ্ধাৰ গড়ৰ মৃতদেহ ।দেওবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হয় গঁড়ৰ মৃতদেহ(Rhino Carcass Recovered)।

জানিব পৰা মতে, দেওবাৰে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত গাই টাপুত উদ্ধাৰ হয় গঁড়ৰ মৃতদেহটো ।

খবৰ অনুসৰি গঁড়ৰ মৃতদেহটো নদীৰ পাৰৰ সমীপত গাই টাপুৰ শ্ৰমিকে প্ৰত্যক্ষ কৰে। তাৰ পিছতে ঘটনা সন্দৰ্ভথ বন বিভাগক খবৰ দিয়ে।বন বিভাগে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত বিষয়াসকলে উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে(Rhino Carcass Recovered in Kaziranga National Park)।

বিষয়াসকলে গঁড় মৃতদেহটো উদ্ধাৰ কৰি পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

বয়সৰ লগত জড়িত সমস্যাৰ বাবে গঁড়টোৰ মৃত্যু হোৱাৰ সন্দেহ।

লগতে পঢ়ক : Foreign Cigarette Seized in Barapujia : বাৰপুজিয়াত জব্দ বিদেশী চিগাৰেট