Local, Vocal, Global

15-Year-Old School girl Missing In Barpeta: ১৪ মাৰ্চৰ পৰা সন্ধানহীন নৱম শ্ৰেণীৰ ছাত্ৰী

নিউজ ডেস্ক, ১৭ মাৰ্চ : বৰপেটাৰ বাঘবৰত স্কুলীয়া ছাত্ৰী নিৰুদ্দেশ ৷ ১৪ মাৰ্চৰ পৰা সন্ধানহীন মিনুৱাৰা খাতুন নামৰ ছাত্ৰী গৰাকী ৷

জানিব পৰা মতে, নৱম শ্ৰেণীৰ পৰীক্ষা দিবলৈ ঘৰৰ পৰা ওলাই গৈছিল ছাত্ৰীগৰাকী আৰু তেতিয়াৰে পৰা সন্ধানহীন ছাত্ৰীগৰাকী ।

ঘটনা অনুসৰি, দিঘিৰপাম হাইস্কুলৰ নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী মিনুৱাৰা খাতুন ১৪ মাৰ্চ দিনা পুৱা প্ৰায় ৭:৩০ বজাত নিজৰ বাসগৃহৰ পৰা পৰীক্ষা দিবলৈ ৰাওনা হয়। তাৰ পিছত ছাত্ৰীগৰাকী ঘৰলৈ উভতি নহাত পিতৃ-মাতৃ আৰু আত্মীয়-স্বজন চিন্তিত হৈ পৰিল। পিতৃ-মাতৃ ওচৰে পাজৰে বিচাৰে যদিও কোনো সূংসূত্ৰ নাপায় ছাত্ৰী গৰাকীৰ(15-Year-Old Schoolgirl Missing In Barpeta, Parents Fear Abduction)।

উপায়হীন হৈ পৰিয়ালৰ লোকে মন্দিয়া আৰক্ষী থানাত ছাত্ৰী গৰাকীৰ নিৰুদ্দেশ হোৱা এজাহাৰ দাখিল কৰে।

লগতে পঢ়ক : Mizoram police seized liquor : চুবুৰীয়া ৰাজ্য মিজোৰামত জব্দ বুজন পৰিমাণৰ বিদেশী সুৰা