Local, Vocal, Global

Tragic Road Accident : ভয়ংকৰ পথ দুৰ্ঘটনা;থিতাতে নিহত এজন,আহত দুজন

নিউজ ডেস্ক, ১৭ মাৰ্চ : ভয়ংকৰ পথ দুৰ্ঘটনা । থিতাতে নিহত এজন,আহত দুজন। ৰাতাবাড়িৰ হুলাছনগৰত সংঘটিত হৈছে এক মৰ্মান্তিক বাইক দুৰ্ঘটনা ।

জানিব পৰা মতে, দেওবাৰে নিভিয়া অঞ্চলৰ পৰা অনিপুৰ ৰেলৱে ষ্টেচনলৈ যোৱাৰ পথত হুলাচনগৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো । দুল্লবছাৰা ৰেল ষ্টেচনৰ পৰা ৰেলখন গুচি যোৱাত তিনি‌ বাইক আৰোহীয়ে খৰধৰকৈ পৰবৰ্তী ৰেল ষ্টেচনলৈ গৈ ৰেলত উঠিব বিচাৰিছিল। কিন্তু তেওঁ পৰবৰ্তী ষ্টেচন গৈ পোৱাৰ আগতেই হুলাছনগৰৰ কাষত বাইকখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা বিদ্যুতৰ খুঁটাত খুন্দা মাৰে । ফলতে তিনি আৰোহীসহ বাইক খন বাগৰি পৰে(Tragic Road Accident)।

ফলত থিতাতে নিহত হয় মাণিকচান্দ ৰবিদাসৰ নামৰ লোকজন ।নিহত লোকজনৰ ঘৰত ঘৰ দুল্লবছৰাৰ ওচৰৰ ফানাই চাহ বাগিচাত।

ইফালে আহত লোক দুজন সুদীপ উপাধ্যায় আৰু ব্ৰজেশ কোহাৰ বুলি জানিব পৰা গৈছে ।

এই ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকে লগে লগে লোককেইজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আহত দুজনৰ ভিতৰত সুদীপ উপাধ্যায় সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা আছে বুলি জানিব পৰা গৈছে।

ইফালে ঘটনাৰ খবৰ পোৱাৰ লগে লগে ৰাতাবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

লগতে পঢ়ক : ED issues fresh summons to Delhi CM Kejriwal : পুনৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ EDৰ চমন