Local, Vocal, Global

ED issues fresh summons to Delhi CM Kejriwal : পুনৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ EDৰ চমন

নিউজ ডেস্ক, ১৭মাৰ্চ : পুনৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ চমন (ED again summons Delhi CM Arvind Kejriwal) । দিল্লীৰ বহু চৰ্চিত আবকাৰী নীতিৰ দুৰ্নীতি গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চমন জাৰি কৰিছে ED য়ে(ED issues fresh summons to Delhi CM Kejriwal)।

সেই অনুসৰি মুখ্যমন্ত্ৰীগৰাকী ২১ মাৰ্চত হাজিৰ হ’ব লাগিব ED কাৰ্যালয়ত। ইয়াৰ পূৰ্বে দিল্লীৰ সুৰা কেলেংকাৰী গোচৰৰ সৈতে নাম সাঙোৰ খোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক পুনৰ ED য়ে চমন জাৰি কৰিছে। কিন্তু তেতিয়া মুখ্যমন্ত্ৰী ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱা নাছিল আৰু এই জাননীক অবৈধ বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে, শনিবাৰে দিল্লীৰ ৰাউছ এভিনিউ আদালতে আবকাৰী দুৰ্নীতিৰ গোচৰত অগ্ৰিম জামিন আবেদন মঞ্জুৰ কৰিছিল। তাৰ কেইটামান ঘণ্টাৰ ভিতৰতে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টী (আপ)ৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক এই গোচৰত নৱম বাৰৰ বাবে তলব কৰিলে এনফ’ৰ্চমেণ্ট ডায়ৰেক্টৰেটে।

কিন্তু প্ৰশ্ন উঠিছে, এই চমনক সঁহাৰি জনাই হাজিৰ হ’বনে কেজৰিৱাল?

লগতে পঢ়ক : Massive Fire Breaks Out at Tamulpur : বিধ্বংসী অগ্নিকাণ্ড; অগ্নিকাণ্ডত জাহ যায় প্ৰায় লক্ষাধিক টকাৰ সম্পত্তিৰ