Local, Vocal, Global

Assam Lok Sabha election 2024 : অসমত ৩টা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন

নিউজ ডেস্ক, ১৬ মাৰ্চ : আজি নিৰ্বাচন আয়োগে ঘোষণা কৰিলে নিৰ্বাচনৰ তাৰিখ। আজি সংবাদমেল যোগে নিৰ্বাচন আয়োগে ঘোষণা কৰিলে দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন। ৩টা পৰ্যায়ত অসমত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন(Assam Lok Sabha election dates 2024) ।

১৯ এপ্ৰিলত হ’ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৭ মে’ত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন।

১৯ এপ্ৰিল পৰা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৫টা সমষ্টিত অনুষ্ঠিত হ’ব। কাজিৰঙা, শোণিতপুৰ, ডিব্ৰুগড়, লখিমপুৰ আৰু যোৰহাটত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন(Polls to be held in 3 phases from April 19)।

২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব দৰং-ওদালগুৰি, ডিফু(ST), কৰিমগঞ্জ, শিলচৰ(SC), নগাওঁত।

৭মে’ত বৰপেটা, কোকৰাঝাৰ(ST), ধুবুৰী, গুৱাহাটীত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : Election Commission has Announced the date of the Lok Sabha Elections : ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ দিন