Local, Vocal, Global

Illegal Land Mining : চাপৰ শালকোচাত ভূ-মাফিয়াৰ দপদপনি

চাপৰ, ১৬ মাৰ্চ : কাৰ চত্ৰছায়াত চলিছে অবৈধ মাটিৰ খনন ? কিয় চকুত নপৰে বিভাগৰ

অবাধ গতিত নৈৰ বুকুত চলিছে মাটিৰ খনন । দিনে নিশাই জেচিবি-এস্কভেটৰে নৈৰ বুকুৰ পৰা আহৰণ কৰিছে মাটি ।ভূ-মাফিয়াক বাধা দিবলৈ যেন কোনো নাই । বন বিভাগৰ নিষ্ক্ৰীয়তাক লৈ সন্দেহ স্থানীয় তথা সচেতন মহলত(Illegal Land Mining ) ।

প্ৰশ্ন হয়, বন বিভাগৰ সৈতে গোপন মিতিৰালিৰে চলিছে নেকি মাটিৰ অবৈধ খনন কাৰ্য ? কিয় বন বিভাগে এই মাটিৰ বৃহৎ চিণ্ডিকেটৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে ।

ৰাজ্যত অব্যাহত আছে মাটিৰ বৃহৎ চিণ্ডিকেট । বন আইন উলংঘা কৰি চৰকাৰৰ লাখ-লাখ টকা ৰাজহ ফাঁকি দি অহৰ্নিশে চলাই গৈছে মাটিৰ অবৈধ খনন কাৰ্য । নিৰ্বিকাৰ হৈ আছে বন বিভাগ ।

বিভাগীয় বিষয়াক মেনেজ কৰি এনেদৰে বছৰ-বছৰ ধৰি চিণ্ডিকেট চক্ৰই চলাই গৈছে নেকি ৰমৰমীয়া বেহা (Illegal Land Mining )।

চাপৰ শালকোচাত ভূ-মাফিয়াৰ দপদপনি।

অভিযোগ অনুসৰি শালকোচা বন বিভাগৰ একাংশ বন কৰ্মীৰ সৈতে মিতিৰালি কৰি ভূ মাফিয়াই চলাই গৈছে অবৈধ মাটি খনন কাৰ্য।

অবৈধভাবে মাটি খননৰ খবৰ দিয়াই কাল হ’ল এজন যুৱকৰ বাবে । বন বিভাগক খৱৰ দিয়াৰ পিছত আক্ৰমণৰ বলি হ’ল স্থানীয় যুৱক জালাল মণ্ডল।

যুৱকজনে জনোৱা মতে, তেওঁ চিৰাকুটা দ্বিতীয় খণ্ড গাঁৱৰ জল মহলত অবৈধ ভাবে মাটি খননৰ অভিযোগ দাখিল কৰাৰ পাছত শালকোচা বন বিষয়া গৰাকীয়ে অভিযান চলাই খননকাৰ্য বন্ধ কৰিছিল। ফলত ভূ-মাফিয়া খৰ্গহস্ত হৈ আক্ৰমণৰ লক্ষ্য কৰি লয় স্থানীয় সচেতন যুৱক গৰাকীক।

অভিযোগ অনুসৰি, শুকুৰবাৰে ৰোজা ৰাখি জুম্মা নামাজ আদায় কৰি ওলাই আহোতে যুৱকজনক জুল হক, সহিদ আলী,আৰু ছাক্কুছ আলীয়ে দলবদ্ধভাবে মাৰপিট কৰে। আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ উপস্থিতিত কথমপি প্ৰাণ ৰক্ষা পৰে যুৱকজনৰ।

ঘটনা সংক্ৰান্তত ভূক্তভূগিয়ে এজাৰৰ দাখিল কৰে শালকোচা আৰক্ষী চকীত।

এজাহাৰৰ ভিত্তিত তিনিজনক আৰক্ষীয়ে আটক কৰে যদিও তাৰে এজন আৰক্ষী থানাৰ পৰাই পলায়ন কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভূক্তভূগী যুৱকজনে।

সম্প্ৰতি আটকাধীন দুই যুৱকক আৰক্ষী চকীত সোধা-পোছা অব্য়াহত ৰাখিছে ।

জানিব পৰা মতে, চিৰাকুটা দ্বিতীয় খণ্ড গাঁৱৰ জল মহলত অবৈধ ভাবে চলাই থকা মাটি খননৰ দৃশ্য সহজলভ্য হৈ পৰিছে শালকোচা বন বিভাগৰ অন্তৰ্গত বিভিন্ন ঠাইত। ইফালে মাটি ভৰ্তি ডাম্পাৰৰ দৌৰাত্ম্যত অতিস্থ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। দিনে নিশাই শালকোচা আৰক্ষীৰ চকুৰ সন্মুখৰেই শ শ মাটি ভৰ্তি ডাম্পাৰৰ চলাচল সন্দৰ্ভতো গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ।

লগতে পঢ়ক : Dead Body Recovered in Barpeta : শৌচালয়ৰ টেংকীৰ ভিতৰত উদ্ধাৰ ৭ বছৰীয়া শিশুৰ মৃতদেহ