Dead Body Recovered in Barpeta : শৌচালয়ৰ টেংকীৰ ভিতৰত উদ্ধাৰ ৭ বছৰীয়া শিশুৰ মৃতদেহ

বৰপেটা, ১৬ মাৰ্চ : অৱশেষত উদ্ধাৰ হ’ল ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱা ৭ বছৰীয়া শিশুৰ মৃতদেহ । শনিবাৰে পৰিত্যক্ত টেংকীত পেলাই থোৱা অৱস্থাত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহটো ।
ঘটনা অনুসৰি, বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত আলোপতি মণ্ডলপাৰাৰ মানিক আলীৰ পুত্ৰ বিগত ১৩ মাৰ্চ অৰ্থাত বুধবাৰৰ আবেলিৰ পৰা সন্ধানহীন হৈ আছিল।পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰে যদিও কোনো সুংসুত্ৰ পোৱা নাছিল(Dead Body Recovered in Barpeta)।
আজি হঠাৎ পুৱাৰ ভাগত মানিক আলীৰ ঘৰৰৰ কাষৰে কদ্দুছ আলী নামৰ ব্যক্তি এজনৰ ঘৰৰ পৰিত্যক্ত শৌচালয়ৰ টেংকিৰ পৰা উদ্ধাৰ হয় নিৰুদ্দিষ্ট শিশুটিৰ মৃতদেহ । নিৰুদ্দেশ মমিনুল ইছলাম নামৰ শিশুটি মৃতদেহ উদ্ধাৰক লৈ এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
ইতিমধ্যে ঘটনাস্থলীত আলোপতি চৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ লৈ প্ৰেৰণ কৰে।
পৰিয়ালৰ লোকৰ অভিযাগ অনুসৰি কোনোবাই হত্যা কৰি পৰিত্যক্ত টেংকীত পেলাই থৈ যায় শিশুটিক ।
বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা(Dead Body Recovered in Barpeta) ।
লগতে পঢ়ক :বান সাহাৰ্য্যৰ নামত বৈষম্যৰ অভিযোগ তুলি উত্তাল কলিয়াবৰবাসী