বান সাহাৰ্য্যৰ নামত বৈষম্যৰ অভিযোগ তুলি উত্তাল কলিয়াবৰবাসী

কলিয়াবৰ, ১৬ মাৰ্চ : বান সাহাৰ্য্যৰ নামত বৈষম্যৰ অভিযোগ তুলি উত্তাল কলিয়াবৰবাসী । জৰীপৰ সময়ত উপস্থিত থকা গাঁও প্ৰধানক ৰাইজৰ পহুখেদা
কলিয়াবৰত গাঁও প্ৰধানক পহু খেদা উত্তেজিত গঞা ৰাইজৰ। কলিয়াবৰত অব্যাহত আছে বানপানী সাহাৰ্য্যৰ বৈষম্য মূলক তালিকাক লৈ প্ৰতিবাদ। ৰাইজৰ উগ্ৰ মূৰ্তি দেখি পলায়ন জৰীপৰ সময়ত থকা গাঁও প্ৰধানৰ। গাঁও প্ৰধান আৰু লাট মণ্ডলৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ মিচামুখ পাম গাঁৱৰ ৰাইজৰ।
আজি প্ৰতিবাদ সাব্যস্ত কৰে গাঁওখনৰ একাংশ পুৰুষ মহিলাই।
উল্লেখযোগ্য যে ২০১৭ চনত কলিয়াবৰত হোৱা প্ৰলয়ংকাৰী বানৰ ক্ষতিপূৰণ হিচাপে কলিয়াবৰবাসীয়ে চৰকাৰৰ পৰা মুঠ ১৯.৫ কোটি টকা ঠিকেই লাভ কৰিলে কিন্তু বানপানীৰ ক্ষতিপূৰণৰ বৈষম্য মূলক তালিকাৰ গুৰুত্বৰ অভিযোগ। মিছামুখ পাম গাঁৱৰ ৰাইজে উত্থাপন কৰিছে এই গুৰুত্বৰ অভিযোগ। কৰোৱাৰ যদি তালিকাত নামেই নাই, কোনোবাই আকৌ পালে কিঞ্চিত পৰিমাণৰ আৰ্থিক সাহাৰ্য্য। একে গাঁৱৰে এজন লোকে যদি লাভ কৰিছে ৯৫ হাজাৰ টকা আকৌ বাকী সকলে লাভ কৰিছে ৩ হাজাৰৰ ২ শ অথবা ৫ হাজাৰ ২০০ টকাকৈ। যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ লোকৰ লগতে মিচামুখ পাম গাঁৱৰ ৰাইজ।
অভিযোগৰ আঙুলি উঠিছে মিচামুখ পাম গাঁৱৰ তদানীন্তন গাঁওপ্ৰধান আৰু লাট মণ্ডলৰ বিৰুদ্ধে। উপায়ন্তৰ হৈ গাঁৱৰ ৰাইজ একত্ৰিত হৈ গাঁওসভা অনুষ্ঠিত কৰাৰ লগতে গাঁও বুঢ়া আৰু লাট মণ্ডলৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। উত্তেজিত ৰাইজৰ উগ্ৰ মূৰ্তি দেখি পলায়ন জৰীপৰ সময়ত থকা গাঁও প্ৰধানৰ।
লগতে পঢ়ক : Election Commission has Announced the date of the Lok Sabha Elections : ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ দিন