Election Commission has Announced the date of the Lok Sabha Elections : ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ দিন

নিউজ ডেস্ক, ১৬ মাৰ্চ : ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ দিন। ৩টা পৰ্যায়ত অসমত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন । ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মে’ত অনুষ্ঠিত হ’ব নিৰ্বাচন । দেশজুৰি ৭টা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন (Election Commission has Announced the date of the Lok Sabha Elections)।
আজি দিল্লীৰ বিজ্ঞান ভৱনত সংবাদমেলযোগে নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে।
এইবাৰৰ নিৰ্বাচনত ব্যৱহাৰ কৰা হ’ব ৫৫ লাভ EVM আৰু ৪ লাখ বাহন। দেশত বৰ্তমান আছে ৯৭ কোটি পঞ্জীয়ভূত ভোটাৰ। দেশত স্থাপন কৰা হ’ব প্ৰায় ১১ লাখ ভোট কেন্দ্ৰ। ডেৰ কোটি পোলিং বিষয়া এইবাৰ নিৰ্বাচনত ব্যৱহাৰ কৰা হ’ব। ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ২১ খন ৰাজ্যত হ’ব(Polls begin on April 19, counting on June 4) ।
লগতে পঢ়ক : AAP Leaders Joins BJP : শনিবাৰে বিজেপিৰ গুৱাহাটীৰ বাজপেয়ী ভৱনত বৃহৎ যোগদান কাৰ্যসূচী