Father-Son Duo Attacked by Teacher; Injured : শিক্ষকৰ দাৰ ঘাপত আহত পিতা-পুত্ৰ
অভয়াপুৰী, ১৩মাৰ্চ : ভূমিকেন্দ্ৰীক সংঘাতৰ ভয়ংকৰ ৰূপ । শিক্ষকৰ দাৰ ঘাপত আহত পিতা-পুত্ৰ(Father-Son Duo Attacked by Teacher; Injured)!
অভয়াপুৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ।বঙাইগাঁও জিলাৰ অভয়াপুৰীত ভূমি-কেন্দ্ৰীক সংঘাটে ললে চূড়ান্ত ৰূপ।
শিক্ষকৰ হাতত গুৰুতৰভাৱে আহত দুই পিতা-পুত্ৰ। অভয়াপুৰীৰ বিদ্যাপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। শিক্ষকৰ আক্ৰমণত গুৰুতৰভাৱে আহত পিতা-পুত্ৰ মজিদুৰ ৰহমান আৰু ইনজামামমূল হক(Land centric clashes between two families)।
অভিযোগ অনুসৰি , শিক্ষক উমাকান্ত শৰ্মা আৰু মজিদুৰ ৰহমানৰ মাজত আছিল দীৰ্ঘদিনীয়া ভূমিকেন্দ্ৰীক সংঘাত। ভূমিকেন্দ্ৰীক সংঘাত পৰিণতিতেই আজি উমাকান্ত শৰ্মাই বিদ্যাপাৰাৰ মজিদুৰ ৰহমানৰ চৌহদত প্ৰৱেশ কৰি মজিদুৰ ৰহমান আৰু ইনজামামমূল হকক দাৰে আক্ৰমণ কৰে । দাৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় পিতা পুত্ৰ ।
এই ভয়ংকৰ ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে অভয়াপুৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু গুৰুতৰভাৱে আহত দুই পিতা-পুত্ৰক উদ্ধাৰ কৰি অভয়াপুৰী চিকিৎসালয় লৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক : One Arrested For Attempting To Rape Girl : মুকবধিৰ যুৱতীক ধৰ্ষণৰ চেষ্টা ফেৰীৱালাৰ !