Local, Vocal, Global

Son Brutally Killed Mother in Barpeta : পাষান পুত্ৰই মৰিয়াই মৰিয়াই হত্য়া কৰিলে মাতৃক

বৰপেটা, ১৩ মাৰ্চ : কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ( Son Brutally Killed Mother) । পাষান পুত্ৰই মৰিয়াই মৰিয়াই হত্য়া কৰিলে মাতৃক । হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । ৰাজ্যত দিনক দিনক দিনে বৃদ্ধি পাইছে হত্যাকাণ্ডৰ ঘটনাই ।

এইবাৰ পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ । এক চাঞ্চল্যকৰ ঘটনাই কঁপাই গ’ল বৰপেটা ।নিজ জন্মদাত্ৰী মাতৃক প্ৰহাৰ কৰিবলৈও হাত নকপিল এজন পুত্ৰৰ( Son Brutally Killed Mother in Barpeta) ।

বৰপেটাৰ জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত মাজদিয়া গাঁৱত মানৱ সমাজক লজ্জিত কৰা এক ঘটনা সংঘটিত হৈছে। পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ। পুত্ৰ চান খানে মাতৃ ফুলভানুক লাঠীৰে মৰিয়াই মৰিয়াই নিৰ্মমভাৱে হত্যা কৰে।

মঙলবাৰে মাজনিশা সংঘটিত হৈছে এই ঘটনাটো । মঙলবাৰে নিশা পুত্ৰই মাতৃ শুই থাকোতে বাঁহেৰে কোবাই নৃশংসভাৱে হত্যা কৰে ।

জানিব পৰা মতে,পুত্ৰ চান খান নিচাসক্ত আছিল ।

এই ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পাষাণ পুত্ৰ চান খানক আৰক্ষীয়ে আটক কৰে।

আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত তদন্তত আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিত প্ৰকৃত ঘটনা ।

লগতে পঢ়ক : Japan’s first private-sector rocket ‘Kairos’ explodes shortly after liftoff : ব্যক্তিগত খণ্ডৰ জাপানৰ প্ৰথমটো ৰকেট কক্ষপথলৈ উৎক্ষেপণৰ পিচতে বিস্ফোৰণ ঘটে