Local, Vocal, Global

Renowned Assamese Writer Arun Goswami Passes Away At 80 : অজান দেশলৈ গুচি গ’ল বিশিষ্ট ঔপন্যাসিক, ৰাজনৈতিক বিশ্লেষক অৰুণ গোস্বামী

নিউজ ডেস্ক, ১৩ মাৰ্চ : অজান দেশলৈ গুচি গ’ল বিশিষ্ট ঔপন্যাসিক, ৰাজনৈতিক বিশ্লেষক অৰুণ গোস্বামী । মঙলবাৰে নিশা ৯.৪৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰিলে বিশিষ্ট ঔপন্যাসিক, ৰাজনৈতিক বিশ্লেষক অৰুণ গোস্বামী । চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট ঔপন্যাসিকগৰাকীয়ে । মৃত্যুৰ সময়ত অৰুণ গোস্বামীৰ বয়স আছিল ৮০ বছৰ(Renowned Assamese Writer Arun Goswami Passes Away At 80)।

জানিব পৰা মতে বিগত কেইবাদিনো ধৰি যোৰহাটৰ মিছন হাস্পতালত ICU ত চিকিৎসাধীন হৈ আছিল গোস্বামী(Renowned Novelist Arun Goswami Passes Away at 80) ।

উল্লেখ্য যে, দেৰগাঁৱৰ বঙালগাঁৱত জন্মগ্ৰহণ কৰিছিল অৰুণ গোস্বামীয়ে । অৰুণ গোস্বামীৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ উপন্যাস ‘পটভূমি’ । পৃথিৱীৰ সৰ্ববৃহৎ গ্ৰন্থ, 10160 পৃষ্ঠাৰ ‘অগ্নিশিখা’ তেওঁৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছিল । স্তম্ভ লেখক, ৰাজনৈতিক বিশ্লেষক হিচাপেও বিশেষ সুনাম আছিল অৰুণ গোস্বামীৰ । যোৰহাট জে বি কলেজত একেৰাহে ৪ বাৰ শ্ৰেষ্ঠ সাহিত্য আৰু আবৃত্তিকাৰ হিচাপে যি অভিলেখ গঢ়িলে, সেয়া আজি পৰ্যন্ত কোনেও ভংগ কৰিব পৰা নাই ৷ প্ৰয়াত গোস্বামীৰ গল্প আৰু নাট বঙালী, হিন্দী, ইংৰাজী, ওড়িয়া আদি ভাষালৈ অনুবাদ হৈছে ।

গোস্বামীৰ মৃত্যুৱে অসমৰ বৌদ্ধিক ক্ষেত্ৰখনত সৃষ্টি কৰিলে এক বৃহৎ শূন্যতাৰ ৷ অৰুণ গোস্বামীয়ে মৃত্যুৰ পূৰ্বে চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ হকে দেহ দান কৰি থৈ গৈছে ।

লগতে পঢ়ক : PM Modi lays foundation stone of tata semi conductor : জাগীৰোডত টাটা গ্ৰুপৰ ছেমিকণ্ডাক্টৰ ইউনিট প্ৰকল্পৰ শিলান্যাস প্ৰধানমন্ত্ৰী মোদীৰ