Terrible Road Accident in Jamugurihat : বাইক আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ;গুৰুতৰভাৱে আহত তিনিজন
নিউজ ডেস্ক, ১২ মাৰ্চ : বাইক আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ। গুৰুতৰভাৱে আহত তিনিজন(Terrible Road Accident in Jamugurihat) ।
জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা।মঙলবাৰে জামুগুৰিহাটৰ মংগলবৰীয়াত বাইক আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষৰ হয় ফলত গুৰুতৰভাৱে আহত হয় তিনিজনকৈ লোক।
দুৰ্ঘটনাটো আহত হোৱা লোক লোককেইজনৰ ভিতৰত এগৰাকী যুৱতী আৰু দুজন যুৱক বুলি জানিব পৰা গৈছে । আহত যুৱক দুজনৰ নাম লোহিত বৰা (২০) আৰু হিমাংশু ভূঞা(২২) জানিব পৰা গৈছে। ঘৰ জামুগুৰিহাটৰ ৰঙাচকুাৱত৷ আহত যুৱতী গৰাকীৰ নাম প্ৰিয়া চাহু(১৮), ঘৰ ৰঙাপাৰাত(Terrible Road Accident ) ৷
দুৰ্ঘটনাতপতিত বাইক খনৰ নম্বৰ AS-12-AF-5218 আৰু স্কুটি খনৰ নম্বৰ AS-12-AF-1299।
বৰ্তমান আহত লোককেইজনৰ অৱস্থা সংকটজনক হোৱা বাবে তিনিওকে উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷
লগতে পঢ়ক : Lat Mandal Caught Red Handed While Taking Bribe : বঙাইগাঁৱত দুৰ্নীতি নিবাৰণ শাখাৰ জালত পৰিল লাট মণ্ডল