Guwahati police issues notice on ‘Sarbatmak Hartal’ : সৰ্বাত্মক হৰতালক অবৈধ আৰু অসাংবিধানিক; জাৰি কৰা হৈছে বিশেষ আইনী জাননী

নিউজ ডেস্ক, ১২মাৰ্চ : দেশজুৰি বলৱৎ হ’ল নাগৰিকত্ব (সংশোধনী) আইন ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সোমবাৰে সমগ্ৰ দেশজুৰি জাৰি কৰে ‘কা’ৰ বিধি(Guwahati police issues notice on ‘Sarbatmak Hartal’) ।
আনহাতে, ‘কা’ বলৱতকৰণৰ অধিসূচনা জাৰি হোৱাৰ পিচতে সোমবাৰে নিশাতেই বহুকেইটা দল-সংগঠনৰ সমান্তৰালকৈ বহুকেইখন মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰীয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।
আনহাতে, ‘কা’ বলৱতৰ পিচত ৰাজ্যজুৰি জাৰি কৰা হৈছে হাইএলাৰ্ট । কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ বাবে সাজু হৈ আছে অসম আৰক্ষী । লগতে প্ৰতিখন থানাকে সষ্টম হৈ থাকিবলৈও নিৰ্দেশনা প্ৰদান কৰা হৈছে । মহানগৰীৰ ভিন্ন ঠাইৰ লগতে জনতা ভৱন, মন্ত্ৰী-বিধায়কৰ আৱাসৰ চৌপাশে মোতায়েন কৰা হৈছে আৰক্ষী(Guwahati Police Issues Legal Notice To Parties Organizing ‘Sarbatmak Hartal’ Against CAA) ।
‘ইউনাইটেড অ’পজিচন ফ’ৰাম’ৰ অন্তৰ্গত ১৬টা দলে ১২ মাৰ্চৰ পুৱা ৬ বজাৰ সন্ধিয়া ৬ বজালৈ আহ্বান কৰা ‘সৰ্বাত্মক হৰতাল’ সন্দৰ্ভত অসম আৰক্ষীৰ আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ উপ-আৰক্ষী আয়ুক্ত (অপৰাধ)ৰ পৰা জাৰি কৰা হৈছে এই বিশেষ আইনী জাননী। এই নিৰ্দেশনাটোত স্পষ্টভাৱে কোৱা হৈছে যে আন্দোলন অবৈধ আৰু ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব।
এই জাননীযোগে উচ্চতম ন্যায়ালৰ উদ্ধৃতি দি সৰ্বাত্মক হৰতালক অসংবিধানিক, বেআইনী আখ্যা দিছে আৰক্ষীয়ে । আনহাতে, বন্ধৰ ফলত ৰাজহুৱা সম্পত্তি ধ্বংস হ’লে আইনী ব্যৱস্থা লোৱা হ’ব বুলিও সাৱধান বাণী শুনোৱা হৈছে । যিকোনো সম্পত্তি ধ্বংস কৰিলে তাৰ বাবে দায়ী হ’ব বন্ধ ঘোষণাকাৰী দল বা সংগঠন(Protest erupts in Assam; Guwahati police issues notice on ‘Sarbatmak Hartal’) ।
লগতে পঢ়ক : Two Youths Killed as Bike Crashes Into Tree : নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মটৰচাইকেলৰ;থিতাতে নিহত দুজন