Israeli PM Netanyahu reiterates intent to begin military operations in Rafah : ৰাফাত সামৰিক অভিযানৰ পুনৰ হুংকাৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ
ইণ্টাৰনেশ্যনেল ডেস্ক, ১১ মাৰ্চ : দেওবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে দক্ষিণ গাজাৰ ৰাফা চহৰত সামৰিক অভিযান আৰম্ভ কৰাৰ বাবে তেওঁৰ স্থিতি পুনৰ উল্লেখ কৰে । তেওঁ কয় যে ইজৰাইলে এইটো নিশ্চিত কৰিব বিচাৰে যে যাতে ৭ অক্টোবৰৰ দৰে আক্ৰমণ পুনৰ সংঘটিত নহয়(Israeli PM Netanyahu reiterates intent to begin military operations in Rafah) ।
“আমি তাত যাম । আমি এৰি নিদিওঁ । আপোনালোকে জানে, মোৰ এক চৰম সীমা আছে । আপোনালোকে জানেনে সেই চৰম সীমা ? সেয়া হৈছে ৭ অক্টোবৰৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় । কোনো কাৰণতে যাতে কেতিয়াও নহয় । আৰু সেইটো কৰিবলৈ আমি হামাছ সন্ত্ৰাসবাদী সেনাক ধ্বংস সম্পূৰ্ণ কৰিব লাগিব ।” তেওঁ কয় ।
নেতান্যাহুৱে লগতে কয় যে এই অভিযান দুমাহতকৈ বেছি স্থায়ী নহ’ব । কিন্তু তেওঁ এই সন্দৰ্ভত কোনো নিৰ্দিষ্ট সময়সীমাৰ কথা উল্লেখ কৰা নাই । লগতে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে গাজা ষ্ট্ৰিপত তেওঁৰ নীতিৰ সপক্ষেও মত পোষণ কৰে । শেহতীয়াভাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে এই মন্তব্য কৰিছিল যে ইজৰাইলী নেতাগৰাকীয়ে ‘‘সহায় কৰাতকৈ ইজৰাইলক অধিক আঘাত কৰিছে’’ । তেওঁ বাইডেনৰ এই মন্তব্যৰ প্ৰত্যুত্তৰত এই কথা কয় (
Israeli PM Netanyahu reiterates intent to begin military operations in Rafah)।
“ৰাষ্ট্ৰপতিগৰাকীয়ে কি বুজাইছিল মই সঠিকভাৱে নাজানো । কিন্তু যদি তেওঁ এই অৰ্থ বুজাইছিল যে মই সংখ্যাগৰিষ্ঠ ইজৰাইলীৰ ইচ্ছাৰ বিৰুদ্ধে ব্যক্তিগত নীতি অনুসৰণ কৰি আছোঁ আৰু ই ইজৰাইলৰ স্বাৰ্থত আঘাত কৰিছে, তেনেহ’লে তেওঁ দুয়োটা ক্ষেত্ৰতে ভুল কৰিছে ।” নেতান্যাহুৱে পলিটিকো আৰু জাৰ্মান সংবাদ মাধ্যম বিল্ডক দিয়া এক সাক্ষাৎকাৰত কয় ।
উল্লেখ্য যে, শনিবাৰে সম্প্ৰচাৰিত এমএছএনবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰৰ সময়ত বাইডেনে তেওঁৰ উক্ত মন্তব্য প্ৰদান কৰিছিল । সেই সময়ত তেওঁ কৈছিল যে নেতান্যাহুৱে গাজাত লোৱা পদক্ষেপৰ ফলস্বৰূপে নিৰীহ লোকসকলৰ প্ৰাণ হেৰুওৱাৰ প্ৰতি অধিক মনোযোগ দিব লাগিব ।
ইফালে, হামাছৰ ৰাজনৈতিক নেতা ইছমাইল হানিয়েহে কয় যে ৰমজানৰ পূৰ্বে দুয়োপক্ষই যুদ্ধবিৰতি চুক্তিত উপনীত হোৱাত ব্যৰ্থ হোৱাৰ পিচত সন্ত্ৰাসবাদী দলটোৱে বৰ্তমানেও ইজৰাইলৰ সৈতে মধ্যস্থতাকাৰীৰ আলোচনা অব্যাহত ৰাখিবলৈ বাট চাই আছে ।
লগতে পঢ়ক : Special Leave Allotted to Assam Govt Employees on March 11-12 : আজিৰে পৰা চৰকাৰী চাকৰিয়াসকলে লাভ কৰিব দুদিনৰ নৈমিত্তিক ছুটি