Local, Vocal, Global

Night Ferry service started between Nimati Ghat and majuli : আৰম্ভ হ’ল অফলামুখ-নিমাতী নৈশ ফেৰী সেৱা

নিউজ ডেস্ক, ১১ মাৰ্চ : আৰম্ভ হ’ল অফলামুখ-নিমাতী নৈশ ফেৰী সেৱা। দেওবাৰৰ পৰা আৰম্ভ হ’ল ফেৰীসেৱা । বিশ্ব বেংকৰ সহায়ত অভিলাষী প্ৰকল্পৰ অধীনত মাজুলী-অফলামুখ ফেৰীঘাটৰ পৰা নিমাতী ঘাটলৈ চলিল নৈশ ফেৰী ।এম ভি জাহ্নবী নামৰ ফেৰীৰে শুভাৰম্ভ হয় এই ফেৰীসেৱা । আই আই টি মাদ্ৰাজ, নেশ্যনেল টেকনল’জী চেন্টাৰ ফৰ পৰ্ট এণ্ড ৱাটাৰৱে’ জড়িত হৈ আছে এই ফেৰীসেৱাত(Night Ferry service started between Nimati Ghat and majuli) ।

উল্লেখ্য যে, মাজুলী-নিমাতী ফেৰীসেৱা বিয়লি তিনি বজাৰ পিচতেই বন্ধ হৈ পৰে ফলত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় যাত্ৰীসকল ।

কিন্তু এতিয়াৰে পৰা অন্ত পৰিল যাতায়তৰ সমস্যাৰ । এবছৰীয়া জৰীপৰ অন্তত আৰম্ভ হ’ল অফলামুখ-নিমাতী নৈশ ফেৰী(Night Ferry service started between Nimati Ghat and majuli) ।

আজিৰে পৰা যাত্ৰীৰ সুবিধা অনুসৰি সময় নিৰ্ধাৰণ কৰিব জলপৰিবহন বিভাগে । সাধাৰণ যাত্ৰীৰ লগতে গাড়ী আৰু দুচকীয়া বাহনো পাৰাপাৰ হ’ব ।

লগতে পঢ়ক : New Zealand’s Deputy PM Winston Peters arrives in Ahmedabad : আহমেদাবাদত উপস্থিত নিউজীলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী উইনষ্টন পিটাৰ্ছ