Massive Fire Breaks Out at Abhayapuri : বিধংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত ৩ টাকৈ বাসগৃহ

অভয়াপুৰী, ১১ মাৰ্চ : বিধংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত ৩ টাকৈ বাসগৃহ।ক্ষতি ১৫-২০ লাখ টকাৰ সম্পত্তিৰ ।
অভয়াপুৰীত বিধংসী অগ্নিকাণ্ড। দেওবাৰে নিশা সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো । অগ্নিকাণ্ডটো অভয়াপুৰীৰ লেংটিছিঙা আৰক্ষী চকীৰ অন্তৰ্গত ভাদাইপাৰাত সংঘটিত হয় ঘটনাটো(Massive Fire Breaks Out at Abhayapuri)।
এই অগ্নিকাণ্ডৰ ফলত ৩ টাকৈ বাসগৃহ সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয় । ক্ষতি হয় প্ৰায় ১৫-২০ লাখ টকাৰ সম্পত্তিৰ । আহত হয় ৫জনকৈ লোক ।
অগ্নিকাণ্ডত কথমপি ৰক্ষা পৰে এখন শিক্ষানুষ্ঠান ।অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাৰ বাবে কথমপি ৰক্ষা পৰে মানাহ জাতীয় বিদ্যালয় নামৰ এখন শিক্ষানুষ্ঠান(Massive Fire Breaks Out at Abhayapuri)।
জানিব পৰা মতে, ভাদাইপাৰাৰ আব্দুল কৰিম , চুবুৰ আলী, আৰু আব্দুল ৰহিমৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো।
বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ বাবে গেছ চিলিণ্ডাৰ ব্লাষ্ট হোৱাৰ পিছেতেই এক আতংকময় পৰিবেশৰ সৃষ্টি হয় উক্ত অঞ্চলটোত।
লগতে পঢ়ক : Massive Fire Breaks Out at Baihata Chariali : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত ১১টাকৈ বাসগৃহ