CM performed bhumi pujan of Rs 300 cr, 50 MW solar plant In Sonitpur : শোণিতপুৰত ৩০০ কোটি ব্যয়ৰে ৫০ মেগাৱাট ক্ষমতাৰ সৌৰ শক্তি প্ৰকল্পৰ ভূমি পূজন মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক, ১০ মাৰ্চ : দেওবাৰে শোণিতপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ।
শোণিতপুৰত উপস্থিত হৈ ঢেকিয়াজুলি ৰাজহ চক্ৰৰ ব্ৰহ্মপুত্ৰৰ চাপৰি ৩ নং চিতলমাৰীত ৩০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলৈ লোৱা ৫০ মেগাৱাট ক্ষমতাৰ সৌৰ শক্তি প্ৰকল্পৰ ভূমি পূজন আৰু শিলান্যাস কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে(CM performed bhumi pujan of Rs 300 cr, 50 MW solar plant In Sonitpur)।
দেওবাৰে ভূমি পূজন আৰু শিলান্যাসৰ পিছত চলিত বৰ্ষৰ ৩০ এপ্ৰিলৰ পৰা নিৰ্মাণকাৰ্য আৰম্ভ হ’ব লগা এই সৌৰ শক্তি প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ সময়সীমা ধাৰ্য কৰা হৈছে ২০২৫ চনৰ এপ্ৰিল মাহ।
উল্লেখযোগ্য যে, ঢেকিয়াজুলি ৰাজহ চক্ৰৰ বৰছলা মৌজাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ৮৬৪ বিঘা ভূমিত এই সৌৰ শক্তি প্ৰকল্পটো স্থাপনৰ উদ্যোগ গ্ৰহণ কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে। প্ৰকল্পটোৰ ৰূপায়ণৰ দায়িত্বত আছে এছ জে ভি এন গ্ৰীণ এনাৰ্জী লিমিটেড নামৰ সংস্থাটো(CM performed bhumi pujan of Rs 300 cr, 50 MW solar plant In Sonitpur)।