Local, Vocal, Global

Union Home Minister Amit Shah will visit Assam : ১৪ মাৰ্চত গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱালৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

নিউজ ডেস্ক, ১০ মাৰ্চ : ১৪ মাৰ্চত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱালৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । অহা ১৪ মাৰ্চত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বটদ্ৰৱা থানত উপস্থিত হৈ মুকলি কৰিব বটদ্ৰৱা প্ৰকল্পৰ । এক ঐতিহাসিক মুহুৰ্তৰ সাক্ষী হ’ব অসমবাসী ।

উল্লেখ্য যে , ২০২১ৰ ২৫ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে বহু প্ৰত্যাশিত এই বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিছিল । তেতিয়াৰে পৰাই নিৰ্মাণ হৈ থকা এই প্ৰকল্পত বিশ্বৰ আটাইতকৈ ওখ গুৰু আসন, সত্ৰীয়া সংস্কৃতি প্ৰতিফলিত হোৱা বিভিন্ন কাৰুকাৰ্যখচিত অতিথি গৃহ, মিউজিয়াম, পুথিভঁৰাল, সংস্কৃতি চৰ্চা কেন্দ্ৰ, উদ্যান আদি নিৰ্মাণ কৰা হৈছে ।

১৮৮ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ বটদ্ৰৱা প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কাম।আজি প্ৰস্তুতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক : Assam CM arrived in Batadrava Today : দেওবাৰে বটদ্ৰৱাত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা