Assam CM arrived in Batadrava Today : দেওবাৰে বটদ্ৰৱাত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
নিউজ ডেস্ক, ১০ মাৰ্চ : দেওবাৰে বটদ্ৰৱাত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা(Assam CM arrived in Batadrava Today)। দেওবাৰে পুৱা হেলিকপ্টাৰযোগে বটদ্ৰৱা প্ৰকল্পত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। উপস্থিত হৈ নিৰ্মীয়মাণ প্ৰকল্প পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
মুখ্যমন্ত্ৰী গৰাকীয়েবটদ্ৰৱাত উপস্থিত হৈ কয় যে – “বটদ্ৰৱা প্ৰকল্পৰ কাম ৮০ শতাংশ সম্পূৰ্ণ হৈছে। চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি তথা ১০ মে’ৰ পূৰ্ব তীৰ্থযাত্ৰী, দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ব বটদ্ৰৱা প্ৰকল্প(Assam CM arrived in Batadrava Today)।”
আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে- “নগাঁও লোকসভা সমষ্টি এতিয়াও ৫০/৫০ অৱস্থাত আছে। এইবাৰ মই আশা কৰিছোঁ মুছলমান সম্প্ৰদায়ৰ মা-ভনীসকলে এইবাৰ মোডী ডাঙৰীয়াক আগতকৈ বেছি সমৰ্থন কৰিব।”
গঁড় হত্যা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰি গৌৰৱ গগৈৰ মন্তব্য হাঁহিয়াতৰ পাত্ৰ বুলি ড০ শৰ্মাই কটাক্ষ কৰে। শেষত কাইলৈ অগপৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।