Local, Vocal, Global

AASU begins 12-hour hunger strike against CAA in Dibrugarh : ডিব্ৰুগড়ত ‘কা’ বাতিলৰ দাবীত ১২ ঘণ্টীয়া অনশন আছুৰ

ডিব্ৰুগড়, ১০ মাৰ্চ : ৰাজ্যত বিভিন্ন প্ৰান্তত ‘কা’ বাতিলৰ দাবীত আছুৰ অনশন । ডিব্ৰুগড়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰে প্ৰতিবাদ(AASU begins 12-hour hunger strike against CAA in Sonari) ।

ৰাজ্যত পুনৰ আৰম্ভ CAA বিৰোধী আন্দোলন ৷ আজি পুৱা ৬ বজাৰ পৰা ডিব্ৰুগড় চহৰৰ মাজমাজিয়া থানা চাৰিআলি স্থিতত পুৰণি বাছ আস্থানত ১২ ঘন্টীয়া অনশন আছুৰ। ডিব্ৰুগড় জিলা ছাত্র সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত হৈছে অনশন কাৰ্যসূচী।

নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবীত প্ৰতিবাদকাৰীসকলে কয় যে ‘জাতিবিৰোধী কা বাতিল কৰক,’ ‘কা আমি নামানো,’ ‘কা গৃহীত কৰিবলৈ দিয়া নহ’ব’।

উল্লেখ্য যে, আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশত নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ কাৰ্যকৰী কৰিব বুলি লোকসভাত গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘোষণাই দেশৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ শেহতীয়াকৈ এই ক’লা আইনখনৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে আছুসহ ৩০ জনগোষ্ঠীয় সংগঠন।

লগতে পঢ়ক : AASU begins 12-hour hunger strike against CAA in Sonari : সোণাৰিত ‘কা’ বাতিলৰ দাবীত ১২ ঘণ্টীয়া অনশন আছুৰ