Local, Vocal, Global

Woman Worker Brutally Killed by Two Men in MJB brick quarries : প্ৰথমে ধৰ্ষণ আৰু তাৰ পিছত হত্যা মহিলা শ্রমিকক

নিউজ ডেস্ক, ১০ মাৰ্চ : লোমহৰ্ষক হত্যাকাণ্ড । মহিলা শ্রমিকক প্ৰথমে ধৰ্ষণ আৰু তাৰ পিছত হত্যা। দৰঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। দৰঙৰ বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত পূব নাওদিঙাত সংঘটিত হৈছে এই ঘটনাটো(Woman Worker Brutally Killed by Two Men in MJB brick quarries)৷

দৰঙত এগৰাকী বিবাহিত মহিলা শ্ৰমিকক দুই পাষণ্ডই প্ৰথমে ধৰ্ষণ কৰে আৰু তাৰপিছত হত্যা কৰে । কিন্তু ইমানতে শান্ত নাথাকে দুই পাষণ্ডই। মহিলাগৰাকীৰ মৃতদেহটো সোমোৱাই থ’লে MJB ইটাভাটাৰ চোলাত।

জানিব পৰা মতে, বিবাহিত মহিলাগৰাকী MJB ইটাভাটাৰে এগৰাকী শ্ৰমিক আছিল। MJB ইটাভাটাৰ পৰা ১০০ মিটাৰ দূৰৰ এখন পথাৰৰ সংঘটিত কৰে এই ঘটনাটো । চিচিটিভিৰ ফুটেজত ধৰা পৰে মহিলাগৰাকীক হত্যা কৰি মৃতদেহটো ইটাভাটালৈ চোঁচোৰাই লৈ অহাৰ দৃশ্য।

ইতিমধ্যে উক্ত বলাৎকাৰ আৰু হত্যাকাণ্ডত অভিযুক্ত দুই যুৱকক বুঢ়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ ধৃত দুই যুৱকৰ নাম- বালা ৰাম হিমৰুং (ভোলা) আৰু দেবান মুৰ্মু (তালা) বুলি জানিব পৰা গৈছে(Woman Worker Brutally Killed by Two Men in MJB brick quarries)।

উল্লেখযোগ্য যে, দুই যুৱক ভোলা আৰু তালাৰ বিৰুদ্ধে উত্থাপন হৈছে এই বলাৎকাৰ আৰু হত্যাকাণ্ডৰ গুৰুতৰ অভিযোগ। দুইজনে ইতিমধ্যে আৰক্ষীৰ ওচৰত সমগ্ৰ ঘটনাৰ কথা স্বীকাৰ কৰিছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। মৃত মহিলাগৰাকীৰ ঘৰ কোকৰাঝাৰ গোঁসাইগাঁৱৰ ভেলাগুৰিত। দুই অভিযুক্ত হত্যাকাৰী ভোলা আৰু তালাও আছিল MJB ইটাভাটাতেই কৰ্মৰত শ্ৰমিক। ঘটনা সন্দৰ্ভত দৰঙৰ আৰক্ষী অধীক্ষকসহ উচ্চপদস্থ আৰক্ষী বিষয়াসকল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হয়।

লগতে পঢ়ক : Huge weapons and Explosives Recovered :মণিপুৰত জব্দ বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ