Terrible Road Accident in Hajo : বলেৰ’ পিক-আপ আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ;নিহত এজন, আহত ১০ জন
নিউজ ডেস্ক, ১০ জানুৱাৰী : ভয়ংকৰ পথ দুৰ্ঘটনা । থিতাতে নিহত এজন, আহত ১০ জন।
হাজোৰ বৰ্ণিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। বলেৰ’ পিক-আপ আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ । ফলত থিতাতে নিহত এজন । গুৰুতৰভাৱে আহত প্ৰায় ১০গৰাকীকৈ লোক(Terrible Road Accident in Hajo)।
আহত লোকসকলক স্থানীয় লোকসকলে উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখ কৰা প্ৰয়োজন যে গুৰুতৰভাৱে আহত লোকসকলক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে(Terrible Road Accident)।
জানিব পৰা মতে, দুৰ্ঘটনাত নিহত লোক জন মুকালমুৱাৰ চাউলখোৱাৰ ফুলবৰ আলী ।
লগতে পঢ়ক : Horrific road accident in Dima Hasao : পৰীক্ষা দিবলৈ আহোতেই বিদ্যালয়ৰ সন্মুখত বাহনৰ খুন্দাত নিহত দুই ছাত্ৰী