PM Modi enjoys safari in Kaziranga, feeds Elephants : বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত গজৰাজক খাদ্য খুৱালে প্ৰধানমন্ত্ৰী মোদীয়ে

নিউজ ডেস্ক, ৯ মাৰ্চ : লক্ষীমাই, প্ৰদ্যুম্ন আৰু ফুলমাইক খাদ্যও খুৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ শনিবাৰে পুৱা বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত গজৰাজক খাদ্য খুৱাই প্ৰধানমন্ত্ৰী মোদীয়ে ।
এক্সৰ এক পোষ্টৰ জড়িয়তে কেবাখনো ফটো শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে(PM Modi enjoys safari in Kaziranga, feeds Elephants) ৷
উল্লেখ্য যে, দেশৰ প্ৰধানমন্ত্ৰীয়ে শুক্ৰবাৰে কাজিৰঙাৰ কঁহৰাস্থিত আৰক্ষীৰ অতিথিশালাত নিশাটো কটাই শনিবাৰে পুৱা প্ৰায় ৫:৪৫ বজাত ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰে ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে কঁহৰাৰ মিহিমুখলৈ যায় প্ৰধানমন্ত্ৰী মোদী ৷
তাৰ পৰাই বন বিভাগৰ প্ৰদ্যুম্ন নামৰ এটা হাতীৰ পিঠিত উঠি উদ্যান পৰিভ্ৰমণ কৰে মোদীয়ে ৷ হাতী চাফাৰী কৰি আহি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক পিঠিত তুলি নিয়া কাজিৰঙা বনবিভাগৰ প্ৰদ্যুম্ন নামৰ হাতীটোৰ লগতে একেলগে চাফাৰী কৰা ফুলমাই আৰু লক্ষ্মীমাইক খাদ্য খুৱায় ৷ এই সময়ত মোদীক সংগ দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(PM Modi enjoys safari in Kaziranga, feeds Elephants) ৷