Local, Vocal, Global

Daily Horoscope for 9th March : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আৰু ঘৰুৱা পৰিবেশে আপোনাৰ বাবে উদ্দেগৰ সৃষ্টি কৰিব পাৰে ৷ আপুনি নিজৰ খঙৰ ওপৰত কাবু ৰাখক অন্যথা ইয়াৰ ফল আপুনি পিচত ভুগিব লাগিব আৰু আপোনাৰ হাতলৈ অহা কামত ব্যাঘাত জন্মাব ৷

বৃষ ৰাশি: দিনৰ শেষ ভাগলৈ আপুনি ভাগৰি পৰিব পাৰে ৷ আশা কৰি থকা ফল পাওতে পলম হ’ব, ভ্ৰমণ শুভ নহ’ব ৷ শান্ত থাকক আৰু কাম কৰি থাকক৷ খোৱা বোৱাত চকু ৰাখক আৰু নতুনকৈ একো আৰম্ভ নকৰিব ৷

মিথুন ৰাশি: গণেশৰ আৰ্শীবাদত দিনটো আনন্দৰে পাৰ হ’ব ৷ পৰিয়ালৰ লগত সুন্দৰ ঠাইত ভ্ৰমণ কৰি মানসিক শান্তি বিচাৰি পাব ৷ বন্ধু বা সহকৰ্মীৰ লগত বজাৰ কৰিবলৈ যাব পাৰে, গাড়ী কিনাৰ সুন্দৰ সময় ৷ আপুনি ভাল পোৱা খাদ্যই আপোনাৰ আনন্দ আৰু অলপ বঢ়াই দিব ৷

কৰ্কট ৰাশি: ব্যৱসায়, সন্মান আদিৰে ভৰা সফল দিন ৷ সহকৰ্মী আৰু তলৰ চাকৰিয়াল সকলৰ সহযোগিতা লাভ কৰিব৷ এই সকলোবোৰৰ উপৰিও প্ৰতিযোগীসকলৰ লগত বিজেতা হিচাপে আপোনাৰ কলাসন্মত কামৰ পৰিচয় দিব পাৰিব ৷

সিংহ ৰাশি: গণেশৰ কৃপাত শুভ দিন যদিও কিছুমান সৰু কথাই আপোনাক খঙাল কৰি তুলিব ৷ আজি আপুনি আপোনাৰ কামত আৰু মনোনিবেশ কৰিব পাৰিব ৷ আজি আপোনাৰ শৰীৰ ভালে থাকিব ৷ ছাত্ৰ-ছাত্ৰীসকলেও তেওঁলোকৰ ভালপোৱা বিষয়ত ভাল ফল দেখুৱাব পাৰিব ৷

কন্যা ৰাশি: আজি বৰ ভাল দিন নহয় ৷ এই সমস্যাবোৰৰ ফলত আপোনাৰ মনত উদ্দেগভাব আহিব, প্ৰিয়জনৰ লগত কাজিয়া আৰু পৰিয়ালৰ পৰা পোৱা অপমানে আপোনাক অশান্তি দিব ৷

তুলা ৰাশি: ধৰ্মীয় ঠাই পৰিভ্ৰমণ কৰক আৰু আপোনাক দিয়া ভাল ফলবোৰৰ বাবে ভগবানক ধন্যবাদ দিয়ক ৷আপোনাক চাৰিওফালৰ পৰিবেশ গৰম আৰু উত্তেজনৰে ভৰা হ’ব ৷ পৰিয়ালৰ লগত সম্বন্ধ, আনন্দ আৰু প্ৰতিযোগীসকলৰ লগত জয় , এই সকলোৱে আপোনাক সুখী কৰি তুলিব ৷ আপুনি হাত দিয়া সকলো কাম সফল হ’ব ৷

বৃশ্চিক ৰাশি: গ্ৰহৰ প্ৰভাৱত আজি আপোনাৰ ঘৰুৱা পৰিস্থিতি জটিল হ’ব ৷ পৰিয়ালৰ লগত হঠাৎ কাজিয়াৰ সূত্ৰপাত হ’ব ৷ আপোনাৰ কথাই কাৰোবাক আঘাত দিব পাৰে ৷ সেইবাবে শান্ত হওক, মনলৈ বেয়া ভাব আহিবলৈ নিদিব, এনেভাৱে আপোনাৰ শৰীৰত প্ৰভাৱ পেলাব ৷

ধনু ৰাশি: সৰু তীৰ্থস্থান ভ্ৰমণত যাব পাৰে ৷ আজি আপুনি কৰিব বিচৰা সকলো কাম সফল হ’ব ৷ শাৰীৰিক আৰু মানসিকভাৱে সৱল অনুভৱ কৰিব আৰু আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব ৷

মকৰ ৰাশি: আজি আপুনি ধৰ্মীয় কামত বেছি মন দিব ৷ তাৰ বাবে কিছু খৰচো কৰিবলগা হ’ব ৷ দুৰ্ঘটনা হ’ব পাৰে গতিকে সাৱধানে থাকক ৷

কুম্ভ ৰাশি: আজি এটা শুভ দিন৷ ব্যৱসায়ত যথেষ্ট উন্নতি হ’ব ৷ পুৰণি বন্ধুক সাক্ষাৎ কৰিব পাৰে আৰু তেওঁলোকৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷

মীন ৰাশি: গণেশৰ কৃপা আৰু আৰ্শীবাদত এটা শুভ দিন ৷ পৰিয়ালৰ লগত কটোৱা সময়ে আপোনাক সুখী কৰি তুলিব ৷ পৰিয়ালৰ জ্যেষ্ঠ লোকসকলৰ লগত সম্পৰ্কই আপোনাক লাভ প্ৰদান কৰিব ৷ ধাৰলে লোৱা টকা ঘূৰাই দিব ৷