300 Congress workers join BJP : ৩০০ কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

নিউজ ডেস্ক, ৭ মাৰ্চ : কংগ্ৰেছত ব্যাপক খহনীয়া । আগন্তুক লোকসভাৰ নিৰ্বাচন । নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক তথা বিৰোধী পক্ষ কিন্তু তাৰ পূৰ্বে কংগ্ৰেছত দেখা দিছে খহনীয়তাই । এইবাৰ কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান। কংগ্ৰেছী নেতা-কৰ্মীৰ বিজেপিত যোগদানক লৈ এতিয়া কংগ্ৰেছৰ ভিতৰচৰাতে জোকাৰণি সৃষ্টি কৰিছে(300 Congress workers join BJP)।
এইবাৰ মঙলদৈ কংগ্ৰেছৰ মোক্ষম আঘাত । মঙলবাৰে মঙলদৈ বিধানসভা সমষ্টিৰ পূৱ মঙলদৈ, পশ্চিম মঙলদৈ, মঙলদৈ টাউন কমিটিৰ প্ৰায় ৩০০ কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰাৰ পিছত বুধবাৰে সকলো পদত্যাগ কৰা কংগ্ৰেছ নেতৃত্ব আৰু কৰ্মীয়ে বিজেপি দলত যোগদান কৰে।
জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত জিলা সভাপতি অমৰেন্দ্ৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত যোগদান কাৰ্যসূচীত সংসদ তথা দৰং ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই আদৰণী জনাই(300 Congress workers join BJP)।
ইফালে আজিও বিজেপিত যোগদান কৰে কংগ্ৰেছ কৰ্মীয়ে । আজি বিজেপি দলত যোগদান কৰা কংগ্ৰেছ বিষয়ববিয়া আৰু কৰ্মীসকল হৈছে- পশ্চিম মঙলদৈ ব্লক কংগ্ৰেছৰ সভাপতি বিপুল কুমাৰ ডেকা, মঙলদৈ টাউন ব্লক কংগ্ৰেছৰ সভাপতি ৰাকেশ বৰুৱা, দৰং জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী অনিতা ৰাজবংশী, কংগ্ৰেছ নেতা ইব্ৰাহিম তালুকদাৰ, ইয়ং ব্ৰিগেডৰ সভাপতি কমৰুল ইছলাম, সাধাৰণ সম্পাদক সৰলা কলিতা, দৰং জিলা কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সদস্য দ্বীপ কিশোৰ শইকীয়া, দৰং জিলা কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ইলিয়াছ দেৱান, সাধাৰণ সম্পাদক চাহিল আলম ইত্যাদি।
ইয়াৰ বাহিৰেও মঙলদৈ সমষ্টি যুৱ কংগ্ৰেছ, মঙলদৈ কংগ্ৰেছ সেৱা দলৰ বিভিন্ন বিষয়ববীয়া, দৰং জিলা কংগ্ৰেছৰ বিভিন্ন মণ্ডল সভাপতি, পঞ্চায়তৰ প্ৰাক্তন সভাপতি আদিকে ধৰি ৩০০ বিষয়ববীয়া আৰু কৰ্মী(300 Congress workers join BJP)।
লগতে পঢ়ক : AASU Organizes Mass Bike Rally Against CAA Across Assam : ৰাজ্যজুৰি CAA ৰ বিৰোধীতাৰে বিশাল বাইক ৰেলী