PM Modi to embark on 2-day visit to Assam from Friday : দুদিনীয়া ভ্ৰমণসূচীত প্ৰধানমন্ত্ৰী মোদীৰ অসমত কাৰ্যসূচী

নিউজ ডেস্ক, ৭ মাৰ্চ : শুকুবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Modi to embark on 2-day visit to Assam from Friday)। দুদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী (PM Modi Assam visit)।
প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বে আজি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (PM Modi to embark on 2-day visit to Assam from Friday, to inaugurate several projects) আয়োজন কৰে এক সংবাদমেল। সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ সবিশেষ জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীয়ে কয়, কাইলৈ বিয়লি ৪ বজাত তেজপুৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী। শনিবাৰে পুৱা মোদীয়ে ভ্ৰমণ কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। শনিবাৰে পুৱাই অৰুণাচললৈ যাব প্ৰধানমন্ত্ৰীগৰাকী। অৰুণাচলত দুখন সভাত অংশগ্ৰহণ কৰিব। শনিবাৰে বিয়লি পুনৰ উপস্থিত হ’ব যোৰহাটত।
যোৰহাটত উপস্থিত হোৱাৰ পিছত সন্ধিয়া লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি মুকলি কৰিব মোদীয়ে। লগতে মেলেং-মেটেলি পথাৰত বহুকেইটা আঁচনি মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।একেলগে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব ৫,৫৫,৫৫৫টা চৰকাৰী আঁচনিৰ ঘৰ।
তিনিচুকীয়া মেডিকেল কলেজো মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব।
ডিগবৈ, গুৱাহাটী তেল শোধনাগাৰৰ বৃহৎ প্ৰকল্প মুকলি কৰিব। লগতে বেটকুছিৰ IOC লৈ আৰ্থিক অনুদান আগবঢ়াব মোদীয়ে(PM Modi to inaugurate, lay foundation of projects worth Rs 18,000 crore in Assam: Himanta Biswa Sarma)।
ইয়াৰ উপৰি বাৰাউনীৰ পৰা গুৱাহাটীলৈ গেছ পৰিবাহী পাইপ মুকলি কৰিব মোদীয়ে। তদুপৰি ধূপধৰাৰ পৰা ছয়গাঁৱলৈ দ্বৈত ৰে’লপথৰো কৰিব শুভাৰম্ভ।
নিউ বঙাইগাঁৱৰ পৰা সৰভোগলৈ দ্বৈত ৰে’লপথ মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে। ১,৩২৮ কোটি টকা ব্যয়ৰে নিৰ্মাণ হৈছে এই দ্বৈত ৰে’লপথ। মুঠ ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিব মোদীয়ে।মোদীৰ জনসভাত ১০ হাজাৰ লাখপাতি বাইদেউ উপস্থিত থাকিব।
লাখপাতি বাইদেউক লৈ লিখা বুকলেট মুকলি কৰিব মোদীয়ে। ৪০ লাখ আত্মসহায়ক গোটৰ মহিলায়ো অংশগ্ৰহণ কৰিব মোদীৰ সভাত। সভাত সকলোকে উপস্থিত থাকিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ(PM Modi to inaugurate projects worth Rs 18,000 crore in Assam, says Himanta Biswa Sarma)।
লগতে পঢ়ক : Hyderabad man dies fighting for Russia : ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষত নিহত হায়দৰাবাদৰ যুৱক