PM Narendra Modi to visit Arunachal Pradesh on March 9 : শনিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব অৰুণাচল প্ৰদেশৰ টাৱাং সংযোগী চেলা পাছৰ সুৰংগ

নিউজ ডেস্ক, ৭ মাৰ্চ : দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ পূবলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । শুকুৰবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু অৰুণাচল প্ৰদেশলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী । প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণসূচীত অসম আৰু অৰুণাচল প্ৰদেশত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভ উদ্বোধন কৰিব(PM Narendra Modi to visit Arunachal Pradesh on March 9) ।
জানিব পৰা মতে, শনিবাৰে পুৱা প্রধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰাৰ পিচত অৰুণাচল প্ৰদেশলৈ বায়ুসেনাৰ হেলিকপ্টাৰৰ জৰিয়তে উৰা মাৰিব । প্ৰধানমন্ত্ৰীয়ে পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং সংযোগী চেলা পাছৰ সুৰংগ মুকলি কৰিব । উত্তৰ পূৰ্বাঞ্চলৰ ভাৰত-চীন, ভাৰত-তিব্বত সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ সংলগ্ন হোৱাকৈ ১৩,০০০ ফুট উচ্চতাৰ চেলা পাছৰ সুৰংগৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ।
অতি উচ্চতাৰ দ্বি-লেনযুক্ত এই সুৰংগ মুকলি হ’লে গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডতো ই অন্তৰ্ভুক্ত হ’ব । কাৰণ এই উচ্চতাত বৰ্তমানলৈকে কোনো সুৰংগ নিৰ্মাণ হোৱা নাই । সীমান্ত পথ সংস্থাৰ বিশেষ প্ৰকল্পৰ অধীনত এই সুৰংগ ৯ মাৰ্চত দেশবাসীৰ বাবে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব । বিগত সময়ছোৱাত প্ৰতিকূল বতৰ আৰু অত্যন্ত প্ৰত্যাহ্বানমূলক ভূখণ্ডৰ মাজত পথৰ সংলগ্নৰ সময়ত ব্লেক টেপিং কৰাত কিছু পৰিমাণে বাধাৰ সৃষ্টি হৈছিল যদিও সেই কাম সম্পূৰ্ণ হৈ উঠিছে(PM Modi To Visit Arunachal Pradesh On March 9, To Inaugurate Strategic Sela Tunnel) ।
এই প্ৰকল্পটোত ৪৭৫ মিটাৰ আৰু ১,৭৯০ মিটাৰ দৈৰ্ঘৰ দুটা সুৰংগ থাকিব যিয়ে পশ্চিম অৰুণাচল প্ৰদেশৰ ডিৰাঙৰ পৰা টাৱাঙলৈ প্ৰায় ৯.২২০ কিলোমিটাৰ যাত্ৰাৰ দূৰত্ব হ্ৰাস কৰিব । প্ৰকল্পটোত দুটা সুৰংগৰ লগতে ৯৮০ মিটাৰ এস্কেপ টিউব ব্যৱহাৰ কৰা হৈছে ।
সুৰংগৰ ভিতৰত আছে অত্যাধুনিক প্ৰযুক্তিৰ লাইট, চিচিটিভি কেমেৰা আৰু কেইবাটাও প্ৰস্থান দুৱাৰ । প্ৰস্থান দুৱাৰসমূহৰ তদাৰক কৰিব সীমান্ত পথ সংস্থাৰ দায়িত্বত থকা বিষয়াই আৰু যিকোনো সময়তে ঘটিব পৰা অবাঞ্চিত ঘটনাৰ বাবে থাকিব চোকা দৃষ্টি । উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটানগৰ ভ্ৰমণৰ সময়ত বালিপৰা-চাৰিদুৱাৰ-টাৱাং পথৰ জৰিয়তে অৰুণাচল প্ৰদেশৰ টাৱাঙলৈ সকলো বতৰত যোগাযোগ অব্যাহত ৰখাৰ উদ্দেশ্যে ২০১৯ চনৰ ১৯ ফেব্ৰুৱাৰীত চেলা সুৰংগৰ আধাৰশিলা স্থাপন কৰিছিল(PM Modi To Visit Arunachal Pradesh On March 9, To Inaugurate Strategic Sela Tunnel) ।