Local, Vocal, Global

Assam DGP Urges Akhil Gogoi to Spare Family Legacy from Public Disputes : বিধায়ক অখিল গগৈৰ মন্তব্যক লৈ সামজিক মাধ্যমত পোষ্ট অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ

নিউজ ডেস্ক, ৭ মাৰ্চ : বিধায়ক অখিল গগৈৰ মন্তব্যক লৈ দুখ প্ৰকাশ কৰি সামজিক মাধ্যমত পোষ্ট অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ । সামজিক মাধ্যমত পোষ্ট কৰি আগলৈ এনেধৰণৰ মন্তব্য নকৰিবলৈ অখিল গগৈক আহ্বান অসম আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ ।

বিধায়ক অখিল গগৈৰ এটা মন্তব্যত আঘাত পোৱা বুলি উল্লেখ কৰি সামজিক মাধ্যমক এক পোষ্ট লিখে অসম আৰক্ষীৰ মুৰব্বীগৰাকীয়ে(Assam DGP Urges Akhil Gogoi to Spare Family Legacy from Public Disputes) ।

অসম আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে লিখে ‘‘সন্মানীয় জনপ্ৰতিনিধি শ্ৰীযুত অখিল গগৈ ডাঙৰীয়া,

আপোনালৈ এটি বিনম্ৰ অনুৰোধ–মোৰ বৃত্তিগত কৰ্তব্য পালনৰ সৈতে আপুনি একমত নহ’ব পাৰে অথবা মতানৈক্য থাকিব পাৰে । এই ক্ষেত্ৰত আপোনাৰ নিজস্ব মত অথবা বিৰোধিতা সাব্যস্ত কৰিবৰ বাবে আইনী ব্যৱস্থাৰ লগতে আন বিকল্প গ্ৰহণৰো সুবিধা আছে। কিন্তু ইয়াৰ বিপৰীতে এই সন্দৰ্ভত আপুনি অনাকাংক্ষিত ভাৱে মোৰ প্ৰয়াত পিতৃ আৰু পূৰ্বপুৰুষৰ প্ৰসংগ টানি আনি অপমানসূচক মন্তব্য প্ৰকাশ কৰিছে ।

আপোনাৰ দৰে এজন সন্মানীয় জনপ্ৰতিনিধিৰ এনে গৰ্হিত কাৰ্য্যত মই গভীৰ আঘাত পাইছো । মোৰ বাবে ভগৱান সদৃশ প্ৰয়াত পিতৃ তথা পূৰ্বপুৰুষ সকলক অবাঞ্চিত বৃত্তিগত বিতৰ্ক আৰু ৰাজহুৱা বক্তব্য পৰা আঁতৰাই ৰাখিবলৈ আহ্বান জনালোঁ ।’’

উল্লেখ্য যে, বুধবাৰে নগাঁও আদালতত এটা গোচৰৰ শুনানিত উপস্থিত হোৱাৰ সময়ত সংবাদ মাধ্যমৰ সন্মুখত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক একপ্ৰকাৰ সকীয়নি প্ৰদান কৰি কেবাটাও মন্তব্য কৰিছিল বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ।

‘কা’ সন্দৰ্ভত পুনৰ আন্দোলনৰ কথা উল্লেখ কৰি সংবাদ মাধ্যমৰ আগত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ পিতৃৰ কথাও উল্লেখ কৰিছিল । অখিল গগৈয়ে কৰা মন্তব্যক লৈ সামাজিক মাধ্যমত এটা পোষ্টৰ জৰিয়তে তেওঁৰ এনে মন্তব্যত আঘাত পোৱা বুলি উল্লেখ কৰে অসম আৰক্ষীৰ মুৰব্বীগৰাকীয়ে(Assam DGP GP Singh urges Akhil Gogoi to exclude his late father and forefathers from current CAA discourse) ৷

লগতে পঢ়ক : PM unveils projects worth ₹6,400 crore in Srinagar : ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ পাছত প্ৰথমবাৰৰ বাবে কাশ্মীৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী