Local, Vocal, Global

PM unveils projects worth ₹6,400 crore in Srinagar : ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ পাছত প্ৰথমবাৰৰ বাবে কাশ্মীৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিউজ ডেস্ক,৭ মাৰ্চ : আজি জম্মু-কাশ্মীৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ পাছত আজি প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীগৰাকী কাশ্মীৰত উপস্থিত হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিকশিত ভাৰত, বিকশিত জম্মু-কাশ্মীৰ’ পদক্ষেপত অংশগ্ৰহণৰ বাবে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত উপস্থিত হয়। এই ভ্ৰমণৰ সময়ত তেওঁ কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৃষি অৰ্থনীতি বৃদ্ধিৰ বাবে ৫০০০ কোটি মূল্যৰ ‘সামগ্ৰিক কৃষি উন্নয়ন কাৰ্যসূচী’ উদ্বোধন আৰু উৎসৰ্গা কৰিব।

লগতে শ্ৰীনগৰত ৬,৪০০ কোটিৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভ উদ্বোধন আৰু শিলান্যাস কৰিব। তাৰ পাছতে তেওঁ এক বিশাল জনসভা সম্বোধন কৰিব(PM unveils projects worth ₹6,400 crore in Srinagar)।

মোডীৰ ভ্ৰমণৰ ওপৰত লক্ষ্য ৰাখি জম্মু-কাশ্মীৰত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। পথসমূহত নিৰাপত্তা বাহিনী শক্তিশালীভাৱে মোতায়েন কৰা হৈছে, আনহাতে ভিভিআইপি ভ্ৰমণৰ সময়ত মানুহৰ চলাচল বন্ধ কৰিবলৈ কেইবাঠাইতো বেৰিকেড স্থাপন কৰা হৈছে।

নিৰীক্ষণৰ বাবে ড্ৰোন আৰু চিচিটিভি কেমেৰাৰ ব্যৱস্থা কৰা হৈছে। কেৱল ইমানেই নহয় ঝিলাম নদী আৰু ডাল হ্ৰদৰ দৰে জলাশয় আদিত সামুদ্ৰিক কমাণ্ডো মোতায়েন কৰা হৈছে।

লগতে পঢ়ক : Assam Man Goes Missing In Rajasthan : পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক; ১০ দিন ধৰি নিৰুদ্দেশ বকোৰ মাধৱ দাস