Local, Vocal, Global

বজাৰত বহিৰাগত গামোছা আৰু পাৱাৰলুম গামোছা নিষিদ্ধ কৰাৰ বাবে হাতে-কামে সাজু হৈছে কলিয়াবৰ শিপিনীসকল

কলিয়াবৰ, ৬ মাৰ্চ : পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে একত্ৰিত এখন গাঁৱৰ শিপিনী । পৰ্যাপ্ত সুবিধাৰ অভাৱৰ মাজতো ৰঙালীলৈ টঙালি বান্ধিছে শিপিনীসকলে ।

ৰাজ্যৰ বজাৰত বহিৰাগত গামোছা আৰু পাৱাৰলুম গামোছা নিষিদ্ধ কৰাৰ বাবে হাতে-কামে সাজু হৈছে কলিয়াবৰৰ এখন গাঁৱৰ প্ৰায় অৰ্ধ শতাধিক শিপিনী। কলিয়াবৰৰ  “নিজ-চিলাবন্ধা শিপিনী গাৱঁৰ” শিপিনীসকল এতিয়া ব্যস্ত হৈ পৰিছে গামোছা বোৱাত। থলুৱা শিপিনীসকলক থলুৱা গামোছা উৎপাদনৰ বাবে সূতা যোগান ধৰিছে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই। হেঁপাহৰ বাপতিসাহোন ৰঙালি বিহুলৈ গামোছা প্ৰস্তুত কৰাৰ উদ্দেশ্যে নিজ-চিলাবন্ধা গাঁৱৰ অৰ্ধ শতাধিক শিপিনীৰ মাজত সূতা বিতৰণ কৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰসন্থাই।

উল্লেখ্য যে ,২০১৭ বৰ্ষত সদৌ অসম ছাত্ৰসন্থা আৰু অসম উন্নতি সভাই নিজ-চিলাবন্ধা গাঁৱক প্ৰদান কৰিছিল শিপিনী গাঁৱৰ স্বীকৃতি। তেতিয়াৰে পৰাই কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই গাওঁখনৰ শিপিনী সকলক বিতৰণ কৰি আহিছে সূতা।

বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো সমাগত ৰঙালী বিহুলৈ এহেজাৰ খনৰো অধিক থলুৱা গামোছা উৎপাদনৰ লক্ষ্য লৈছে এইসকল শিপিনীয়ে। যাৰ বাবে ছাত্ৰসন্থাই সূতাৰ যোগান ধৰাৰ লগতে এটি থলুৱা গামোছা বিক্ৰী কেন্দ্ৰ জৰিয়তে বজাৰত উপলব্ধ কৰিব থলুৱা গামোছা।

উল্লেখ্য যে এইসকল থলুৱা শিপিনীৰ সুবিধাৰ্থে চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত পুৰণিকলীয়া শালতে অধিক কষ্টৰে গামোচা তৈয়াৰ কৰি আহিছে এইসকল শিপিনীয়ে। ৰাজ্য চৰকাৰলৈ এইসকল শিপিনীৰ অনুৰোধ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ লগতে যদি চৰকাৰেও শিপিনী গাওঁ খ্যাত এইসকল শিপিনী কিছু সহায় কৰে তেতিয়াহলে আৰু এখোজ আগুৱাই যাবলৈ সক্ষম হব এইসকল শিপিনী।

লগতে পঢ়ক : PM Modi Meets With Victims From Sandeshkhali :পশ্চিমবংগৰ সন্দেশখালীৰ ভোক্তভোগী মহিলাক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ