PM Modi unveils multiple metro projects : প্ৰধানমন্ত্ৰী মোদীয়ে কলকাতাত উদ্বোধন কৰিলে দেশৰ প্ৰথমটো আণ্ডাৰ ৱাটাৰ মেট্ৰ’ ৰে’লপথ
নিউজ ডেস্ক, ৬ মাৰ্চ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১২ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ ১০ দিনীয়া ভ্ৰমণসূচী । ১০ দিনীয়া ভ্ৰমণসূচীৰ অংশ হিচাপে কলকাতাত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথমটো আণ্ডাৰ ৱাটাৰ মেট্ৰ’ সেৱা উদ্ধোধন কৰে । উদ্বোধন কৰিলে ১৫,৪০০ কোটি টকাৰ কেইবাটাও প্ৰকল্পৰ । স্থাপন কৰিলে আধাৰশিলাৰ(PM Modi unveils India’s 1st underwater Metro route, other projects in Kolkata)।
পাঁচ দিনৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এয়া দ্বিতীয়বাৰৰ বাবে কলকাতা ভ্ৰমণ। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণকালত ১৫ হাজাৰ ৪০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা বহু কেইটা প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে বহু কেইটা নতুন প্ৰকল্পৰ শিলন্যাস কৰিব(India’s first underwater metro in Kolkata)।
আজি প্ৰধানমন্ত্ৰী মোদীয়ে কলকাতা মেট্ৰ’ৰ ইষ্ট-ৱেষ্ট কৰিড’ৰৰ হাওৰা মৈদান-এছপ্লেনেড খণ্ডৰ উদ্বোধন কৰে, যিটো পানীৰ তলেৰে মেট্ৰ’ সেৱাৰ প্ৰথম পদক্ষেপ। ইষ্ট-ৱেষ্ট মেট্ৰ’ৰ ৪.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই অংশ ৪,৯৬৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে আৰু এয়া হাওৰাত ভাৰতৰ আটাইতকৈ দ’ মেট্ৰ’ ষ্টেচন হ’ব, যিটো ভূপৃষ্ঠৰ পৰা ৩০ মিটাৰ তলত আছে(PM Modi unveils multiple metro projects)।
জানিব পৰা মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুনেৰ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ পিম্পৰী চিলৱাৰ আৰু নিগ্ৰীৰ মাজৰ প্ৰথম পৰ্যায়ৰ সম্প্ৰসাৰণৰ কামৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ শুভাৰম্ভ কৰিব আগ্রা মেট্ৰ’ খণ্ডৰ।এই উদ্বোধনী অনুষ্ঠানৰ পাছত প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগৰ উত্তৰ পৰগানা জিলাৰ বাৰাচাৰ্টত এখন জনসভা সম্বোধন কৰিব(PM Modi unveils India’s first underwater metro along with multiple projects worth Rs 15400 crore in Kolkata)।