Local, Vocal, Global

Terrible Road Accident in Bongaigaon : তীব্ৰবেগী ফৰ্চুনাৰে মহটিয়ালে যাত্ৰীবাহী টেম্পো;নিহত এজন, আহত ১০জন

নিউজ ডেস্ক, ৬ মাৰ্চ : বঙাইগাঁৱত ভয়ংকৰ দুৰ্ঘটনা। বঙাইগাঁৱৰ দেউৰীপাৰাত মঙলবাৰে নিশা সংঘটিত হয় দুৰ্ঘটনাটো। তীব্ৰবেগী ফৰ্চুনাৰে মহটিয়ালে যাত্ৰীবাহী টেম্পো। ফলত এজন যাত্ৰী নিহত হোৱাৰ লগতে আন দহগৰাকী যাত্ৰী আহত হয় ৷ ফৰ্চুনাৰখনৰ চালকে টেম্পোত খুন্দা মাৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে(Terrible Road Accident in Bongaigaon)।

জানিব পৰা মতে, নিহত যাত্ৰীজনৰ নাম বিষু চৌধুৰী বুলি চিনাক্ত কৰা হৈছে । আহত টেম্প’ যাত্ৰীসকল ক্ৰমে অনামিকা বড়ো, শান্তি ৰায়, প্ৰভাতি কলিতা, অনিমা ৰায়, খনীন্দ্ৰ ৰায় (টেম্পোৰ চালক), ৰীণা মেধি, চয়নিকা সৰকাৰ, দীপাঞ্জলি দত্ত, গীতাঞ্জলি সূত্ৰধৰ আৰু লুকুমণি সৰকাৰ(Terrible Road Accident) ।

ইয়াৰে চাৰিজনৰ অৱস্থা সংকটজনক আৰু উন্নত চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বাকী ছয়জনক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহত মহিলাসকল কেটাৰিং দলৰ সদস্যা।কেটাৰিং গ্ৰুপৰ মহিলাৰ দলটোৱো কাৰ্য সম্পাদন কৰি ঘৰলৈ উভতিছিল আৰু সেই সময়তে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ।

আনহাতে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ফৰ্চুনাৰখন উত্তৰ শালমাৰা আৰক্ষীয়ে জব্দ কৰে। ফৰ্চুনাৰত আছিল তিনি সুৰাসক্ত যুৱক আৰু এগৰাকী যুৱতী। ।ঘটনা সংক্ৰান্তত বঙাইগাঁও সদৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে(Terrible Road Accident in Bongaigaon)।

লগতে পঢ়ক : Fake currency notes worth Rs 6 lakh seized in Lakhimpur : লখিমপুৰৰ বঙালমৰাত জব্দ ৬ লাখ ৫০ হাজাৰ টকাৰ জালনোট