Tragic Road Accident in Rangapara : ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন

নিউজ ডেস্ক, ৪ মাৰ্চ : ভয়ংকৰ পথ দুৰ্ঘটনা । থিতাতে নিহত এজন(Tragic Road Accident) ।
দেওবাৰে নিশা ৰঙাপৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷ তেজপুৰ-ৰঙাপৰা অভিমূখী AS- 12-E -4600 নম্বৰৰ যাত্ৰীবাহী বাছৰ খুন্দাত চেঁচা চাহ বাগিচাৰ ১২ নং লাইনৰ আজাদ মুণ্ডা নামৰ লোকজন ঘটনাস্থলীতে নিহত হয় ৷
জানিব পৰা মতে, দেওবাৰে সন্ধিয়া ৰঙাপৰাৰ পৰা বজাৰ কৰি চাইকেলেৰে ঘৰলৈ গৈ থকা সময়ত বাছখনে খুন্দা মাৰে এজন লোকক ৷ দুৰ্ঘটনা সংঘটিত কৰি বাছখন ৰঙাপৰা আৰক্ষী থানাত উপস্থিত হয় ৷ ইয়াৰ পাছতে ৰাইজ উত্তোজিত হৈ পৰে আৰু ৰঙাপৰা বিন্দুকুৰি তেজপুৰ পথচোৱা অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । হাতে হাতে লাঠি লৈ ৰাজপথত নামে ৰাইজ ৷ জুই জ্বলাই কৰিলে পথ অৱৰোধ ৷
ৰাইজে কেইটা ঘন্টা ধৰি পথচোৱা অৱৰোধ কৰি ৰখাৰ ফলত ৰাজপথৰ দুয়োকাষে গাড়ীসমুহ আৱদ্ধ হৈ পৰে ৷ পাছত ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰনৰ চেষ্টা চলায়(Tragic Road Accident in Rangapara) ৷
ৰাইজে দুৰ্ঘটনাত নিহত আজাদ মুণ্ডাক ক্ষতিপুৰণ দিয়াৰ লগতে ৰঙাপৰা-তেজপুৰ অভিমুখী য়াত্ৰীবাহী বাছ সমূহৰ নথিপত্ৰ পৰীক্ষা কৰা দাবী জনায় ৷
লগতে পঢ়ক : Tragic Incident :মোবাইলেৰে ফটো তোলাৰ সময়তে ব্ৰহ্মপুত্ৰত পৰিল এগৰাকী যুৱতী