Local, Vocal, Global

Delhi CM Arvind Kejriwal skips 8th ED summons : পুনৰ ED ৰ চমন প্ৰত্যাখ্যান দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

নিউজ ডেস্ক, ৪ মাৰ্চ : পুনৰ ED ৰ চমন প্ৰত্যাখ্যান দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল(Delhi CM Arvind Kejriwal skips 8th ED summons) ।

ED য়ে কেজৰিৱাললৈ চমন প্ৰেৰণ কৰি সোমবাৰে মাতি পঠিয়াইছিল । কিন্তু আজি পুনৰ অৰবিন্দ কেজৰিৱাল ED ৰ কাৰ্যালয়ত উপস্থিত নহল। ইডিৰ কাৰ্যালয়ৰ পৰিৱৰ্তে মুখ্য়মন্ত্ৰীগৰাকী বিধানসভাত উপস্থিত থাকে ।

অৰবিন্দ কেজৰিৱালে ইডিলৈ এখন পত্ৰ প্ৰেৰণ কৰি ১২ মাৰ্চৰ পিচত তাৰিখ বিচাৰিছে(Delhi CM Arvind Kejriwal ready for virtual meeting after Mar 12, skips 8th ED summons) ।

উল্লেখ্য যে, দিল্লীৰ সুৰা নীতি কেলেংকাৰী সন্দৰ্ভত সোধ-পোছৰ বাবে ইডিৰ কাৰ্যালয়লৈ অৰবিন্দ কেজৰিৱালক মাতি পঠিওৱা হৈছিল যদিও তেওঁ কাৰ্যালয়ত উপস্থিত হোৱা নাই । ২৮ ফেব্ৰুৱাৰীত ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে অষ্টমটো চমন জাৰি কৰিছিল । ইয়াৰ পূৰ্বে ২১ ফেব্ৰুৱাৰীত চমন প্ৰেৰণ কৰা হৈছিল আৰু ২৬ ফেব্ৰুৱাৰীত তেওঁক ইডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ কোৱা হৈছিল ।

লগতে পঢ়ক : Five killed as car hits tree in Telangana : মৰ্মান্তিক দুৰ্ঘটনা;থিতাতে নিহত শিশুসহ ৫জন, আহত ৭জন