Local, Vocal, Global

Joint Op Uncovers Buried Explosives : অসম মিজোৰাম সীমান্তত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী

নিউজ ডেস্ক, ৪ মাৰ্চ : অসম মিজোৰাম সীমান্তৰ কাছাৰৰ ধলাইৰ ৰাজঘাটত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী । দেওবাৰে উদ্ধাৰ হয় সামগ্ৰীখিনি(Joint Op Uncovers Buried Explosives) ।

দেওবাৰে অসম মিজোৰাম সীমান্তৰ কাছাৰৰ ধলাইৰ ৰাজঘাটত সেনা আৰু কাছাৰ আৰক্ষীয়ে যৌথ অভিযান চলাই । অভিযানত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে প্ৰায় ১৩ কেজি বাৰুদসহ ২৯০০ডাল ডেটোনেটৰ( 2900 Detonators, 13kg Gunpowder Seized in Joint Operation) ৷

জানিব পৰা মতে, দেওবাৰে এক গোপন সূত্ৰৰ ভিত্তিত কাছাৰৰ ধলাই আৰক্ষী আৰু মিলিটাৰি এন্টিলিজেন্সে সীমান্তৰ কাছাৰৰ ধলাই ৰাজঘাট অঞ্চলত এক যৌথ অভিযান চলায় ।অভিযানত ৰাজঘাট অঞ্চলৰ চেলিম উদ্দিন নামৰ এগৰাকী ব্যক্তিৰ ফাৰ্ম হাউচৰ কাষতে মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় প্ৰায় ১৩ কেজি বাৰুদ সহ ২৯০০ ডাল ডেটোনেটৰ । অৱশ্যে অভিযানৰ উমান পাই পলায়ন কৰে চেলিম উদ্দিন নামৰ ব্যক্তিজন ।

এই অভিযানৰ পিছতে চেলিমৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । ইপিনে চেলিম উদ্দিন নামৰ লোকজন দীৰ্ঘদিনৰ পৰা মাদক দ্ৰব্য সৰবৰাহৰ লগতে বিভিন্ন অপৰাধজনিত কাৰ্যকলাপৰ লগত জড়িত হৈ আছে বুলি জানিব পৰা গৈছে (Notorious Criminal Evades Capture)।

লগতে পঢ়ক : PM Modi’s Visit to Kaziranga : প্ৰধানমন্ত্ৰী মোদীৰ কাজিৰঙা ভ্ৰমণ; বন্ধ থাকিব জীপ ছাফাৰী আৰু হাতী ছাফাৰী