Tragic Road Accident in Dhakuakhana : মৰ্মান্তিক দুৰ্ঘটনা;বাইকৰ খুন্দাত নিহত কিশোৰ

নিউজ ডেস্ক, ৩ মাৰ্চ : এক মৰ্মান্তিক দুৰ্ঘটনা । বাইকৰ খুন্দাত নিহত কিশোৰ (Tragic Road Accident)।
ঢকুৱাখনাত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো । দেওবাৰে পুৱাই সোণাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত বাঁহপৰা গাঁও তিনিআলিত সংঘটিত হয় এই দুৰ্ঘটনাটো ।
জানিব পৰা মতে, গাঁওখনৰ চহা অমূল্য দিহিঙীয়া আৰু পল্লৱী দিহিঙীয়াৰ একমাত্ৰ ১১ বছৰীয়া পুত্ৰ জিতুল দিহিঙীয়াই সৰিয়হ ভৰাবলৈ ঘৰৰ পৰা বস্তা নি ৰাজপথেৰে চাইকেলেৰে গৈ থকা অৱস্থাত পাছফালৰ পৰা এখন বাইকে প্ৰচণ্ড খুন্দা মাৰে। তীব্ৰ বেগত এ এছ ২৯ /৪৫৮৭ নম্বৰৰ বাইকৰ খুন্দাত গুৰুত ভাবে আহত কিশোৰজন(Tragic Road Accident in Dhakuakhana)।
এই ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত লগে লগে সোণাৰী চাপৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীনেশ মেধি আৰু ১০৮ মৃত্যুঞ্জয় সেৱা উপস্থিত হয়। গুৰুতৰভাবে আহত কিশোৰজনক ১০৮ সেৱাৰ জৰিয়তে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
নিহত ছাত্ৰজন সোণাৰী চাপৰি হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিল ।
ইফালে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাইক চালক মুহি চন্দ্ৰ দত্তক আটক কৰি সামান্যভাবে আহত ১৭ বছৰীয়া যুৱকজনক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাইকখনৰ লগতে চাইকেলখন জব্দ কৰি গোচৰ ৰুজু কৰিছে আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰিছে।
লগতে পঢ়ক : One killed in wild elephant attack in Chirang : চিৰাঙত বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজন লোকৰ